🔹 চিনামৰা জাতীয় বিদ্যালয়ে দেখুৱাইছে অনন্য নিদর্শন
🔹 ধান দোৱা পর্ব উদ্বোধন কৃষিমন্ত্ৰীৰ
বিশেষ বাৰ্তা, ৮ নৱেম্বৰ : “আমাৰ উঠি অহা প্ৰজন্মক স্কুলীয়া শিক্ষাৰ সময়ৰ পৰাই বিদ্যায়তনিক পাঠ্যক্ৰমৰ লগতে কৃষিৰ জ্ঞান-অভিজ্ঞতাৰ বীজ ৰোপণত ২০০৬ চনৰে পৰা বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে যোৰহাটৰ এখন অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান চিনামৰা জাতীয় বিদ্যালয়ে। জাতীয় বিদ্যালয়খনে বাৰিষাত কঠীয়া ৰোপণ কৰা ধাননিডৰাত আজি বিদ্যালয়খনৰ মৰমৰ শিক্ষাৰ্থীসকলৰ সৈতে ধান কটাৰ শুভাৰম্ভণি কৰিবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ আৰু তেওঁলোকক উৎসাহ যোগালোঁ। নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলক যদি কৃষিৰ প্ৰতি এইদৰেই ব্যৱহাৰিকভাৱে আগ্ৰহী কৰি তুলিবলৈ শৈক্ষিক প্ৰতিষ্ঠানসমূহে পদক্ষেপ গ্ৰহণ কৰে, তেতিয়া অসমে চিকিৎসক, অভিযন্তাৰ দৰে বহু অগ্ৰণী কৃষি বিজ্ঞানী, কৃষক লাভ কৰিবলৈ সক্ষম হ’ব আৰু অতি সম্ভাৱনাপূৰ্ণ অসমৰ কৃষি অৰ্থনীতিয়ে অধিক যোগাত্মক দিশে গতি ল’ব ৷”- এইদৰে আজি চিনামৰা জাতীয় বিদ্যালয়ৰ ধান দোৱা পর্বত উপস্থিত থাকি অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই নিজৰ মনৰ ভাব ব্যক্ত কৰে ৷ আজি অনুষ্ঠিত হোৱা ধান দোৱা পর্বত কৃষিমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ লগত একেলগে বহি ৰবাব টেঙা খোৱাৰ অভিজ্ঞতাই মন্ত্ৰীগৰাকীক অভিভূত কৰি তোলে৷ ২০০৬ বর্ষৰ পৰাই চিনামৰা জাতীয় বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন খেতিৰ ব্যৱহাৰিক শিক্ষা দিয়াৰ উদ্দেশ্যৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক শিপাৰ লগত সংপৃক্ত কৰি ৰখাৰ লক্ষ্য আৰু উদ্দেশ্যৰে শালি খেতিকে ধৰি বতৰ অনুযায়ী বিভিন্ন খেতি কৰি আহিছে৷ যোৱা আহাৰ মাহত ৰোৱা কঠীয়াৰ আজি বিদ্যালয়খনে ধান দোৱা পর্বৰ শুভাৰম্ভ কৰে ৷
এই অনুষ্ঠানত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই উপস্থিত থাকি এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰে ৷ বিদ্যালয়ৰ শৈক্ষিক অধ্যক্ষ অমৰজ্যোতি শর্মাই আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে কৃষিমন্ত্ৰীগৰাকীক এখন ফুলাম গামোচা, চেলেং আৰু কৰঙাৰ এখন ডাব কটাৰীৰে আদৰণি জনোৱা হয় ৷ ‘কর্মই ধর্ম ইয়ে আমাৰ মর্ম’ শ্ল’গানেৰে চিনামৰা জাতীয় বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলক কৃষি পাঠ্যক্ৰম দিয়াৰ লগতে বিদ্যালয়খনে এখন নার্চাৰী প্ৰতিষ্ঠা কৰি ছাত্ৰ-ছাত্ৰীসকলক নার্চাৰীত গছপুলি ৰোপণ, প্ৰতিপালন তথা ব্যৱসায়িকভাৱে উৎপাদন কৰাৰ জ্ঞানো দি আহিছে ৷ বিদ্যালয়ৰ অধ্যক্ষ তথা সঞ্চালক দিব্যজ্যোতি শর্মাই কয় যে শ্ৰেণীকোঠাৰ শিক্ষাই এটি শিশুক প্ৰকৃত মানুহ ৰূপে গঢ়ি তুলিব নোৱাৰে, ইয়াৰ বাবে লাগিব এক মুক্ত পৰিৱেশ ৷ আৰু সেই মুক্ত পৰিৱেশত ব্যৱহাৰিক জ্ঞানেৰে বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক দিয়া শিক্ষাই ভৱিষ্যতে এজন ছাত্ৰ চিকিৎসক, অভিযন্তা বা প্ৰশাসনিক বিষয়া যিয়েই নহওক লাগিলে, এটা জলকীয়া বা বেঙেনাৰ পুলি ৰুই তাৰ ফচল খোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দিয়া হয় ৷ কেনেকৈ গ্ৰ’ বেগত আধুনিক কিৎচেন গার্ডেন কৰিব পাৰি তাৰো শিক্ষা দিয়া হয় ৷ ইয়াৰ উপৰি ন-কঠীয়া ৰোৱা উৎসৱ, ন-খোৱা উৎসৱ আদিও বিদ্যালয়ত অনুষ্ঠিত হয় ৷ আজিৰ ধান দোৱা কার্যসূচীত মন্ত্ৰীগৰাকী উপস্থিত তেওঁ আজিলৈকে কোনো বিদ্যালয়ত এনে অনুষ্ঠানত উপস্থিত থকাৰ অভিজ্ঞতা নাছিল বুলি কৈ বিদ্যালয়ৰ কর্তৃপক্ষৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলক উচ্চ প্ৰশংসাৰে উপচাই পেলায়৷ আজিৰ অনুষ্ঠানত যোৰহাট কৃষি বিভাগৰ জিলা কৃষি বিষয়া দেৱজিৎ দত্ত, পশুপালন বিভাগৰ বিষয়া ৰিপুঞ্জয় চক্ৰৱর্তী, কৃষি সম্প্ৰসাৰণ কর্মচাৰী ৰুবুল কলিতা আদি উপস্থিত থাকে ৷