নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্মীলন অনুষ্ঠানেৰে মুখৰ অসম গ্ৰন্থমেলা দুলীয়াজানৰ বাকৰি 

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ লেখক-পাঠকৰ সমাৱেশ, ভাষা-সাহিত্য বিষয়ক আলোচনা, কবিতা পাঠ আদিৰে আকৰ্ষণীয় হৈ পৰিছে অসম গ্ৰন্থমেলা, দুলীয়াজান ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ বিহুতলীত আয়োজন কৰা অসম গ্ৰন্থমেলাত কিতাপ বিক্ৰীৰ পৰিমাণো আশাব্যঞ্জক বুলি জানিবলৈ দিছে অংশগ্ৰহণকাৰী প্ৰকাশন প্ৰতিষ্ঠান সমূহে৷ ইপিনে আজি গ্ৰন্থমেলাৰ বাকৰিত আয়োজন কৰা হয় যুৱ লেখকৰ অনুষ্ঠান “উন্মীলন” আৰু কবি সন্মিলন৷ বিশিষ্ট গ্ৰন্থকাৰ দীপাংকৰমল্ল বৰুৱাই “উন্মীলন” অনুষ্ঠানটি উদ্বোধন কৰে৷ তেওঁ কয় যে যুৱ লেখকৰ এনে অনুষ্ঠানে লেখক সকলক উৎসাহিত কৰে ৷ ভাষা-সাহিত্যৰ প্ৰতি দায়ৱদ্ধ কৰি তোলে ৷ অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰাত আমাৰ দায়িত্ব অধিক পৰিমাণে বৃদ্ধি পালে৷ অসমীয়া ভাষাৰ শুদ্ধ চৰ্চাৰ বাবে আমি সচেতনভাৱে আগবাঢ়িব লাগিব৷ “উন্মীলন” সঞ্চালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক-লেখক ড° প্ৰাঞ্জল বুঢ়াগোহাঁয়ে ৷ বিষয় প্ৰসংগত তেওঁ কয় যে যুৱ লেখক সকলেই আমাৰ ভৱিষ্যতৰ শক্তি৷ ভাষা-সাহিত্যৰ ভৱিষ্যত তেওঁলোকৰ ওপৰতে নিৰ্ভৰশীল৷ অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ বাকৰিত এনেদৰে যুৱ লেখকৰ সমাৰোহ অনুষ্ঠিত কৰাটো আশাৰ বতৰা৷ ইয়াত যুৱ লেখক সকলে নিজৰ মাজত মত বিনিময় কৰাৰ উপৰি পাঠক সমাজৰো মুখামুখি হোৱাৰ সুযোগ লাভ কৰে৷ এয়া তেওঁলোকৰ বাবে সাধনাৰ সমল হ’ব পাৰে৷ ইয়াত অংশগ্ৰহণ কৰে কল্যাণী ৰাজকুমাৰী, গৌৰৱ সেনগুপ্ত, ড° ৰ’দালি মহন, অভিজিৎ সাহা, টিনামণি হাজৰিকা, কৰৱী গগৈ, ইলা বৰা, শচীন বৰুৱা, প্ৰাৰ্থনা সন্দিকৈ, অভিজিৎ গগৈ, বিতু বুঢ়াগোহাঁই, অন্বেষা ফুকন, কিৰণময়ী বৰা, সত্যৰঞ্জন ভট্টাচাৰ্য, যুগল কিশোৰ গগৈ আদিয়ে৷ ইয়াৰ পাছতে অনুষ্ঠিত হোৱা কবি সন্মিলন উদ্বোধন কৰে বিশিষ্ট কবি নীলকান্ত শইকীয়াই৷ তেওঁ কয় যে কবিতাৰ সংখ্যা বৃদ্ধি মানেই কাব্য সাহিত্যৰ উত্তৰণক নুবুজায়৷ বিষয় এটাৰ কিমান গভীৰলৈ গৈ কবিতা সৃষ্টি কৰিব পাৰে সেয়াহে আচল কথা ৷ কবি সন্মিলনখন সঞ্চালনা কৰি বিশিষ্ট সাহিত্য-সমালোচক অৰিন্দম বৰকটকীয়ে কয় যে সাম্প্ৰতিক অসমীয়া কাব্য সাহিত্যই নতুন বিষয়ক সামৰি উজলি উঠিছে ৷ অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাটো আমাৰ বাবে আনন্দ আৰু গৌৰৱৰ বিষয় ৷ কবি-কথাশিল্পী সকলোৱে এতিয়া ভাষাটোৰ শুদ্ধ চৰ্চা কৰাৰ বেলিকা সচেতন হোৱাটো জৰুৰী৷ অসমীয়া ভাষাৰ কোনো দিনে যে মৃত্যু নহয় সেয়া নিশ্চিত৷ মাথো আমি ভাষাৰ প্ৰসাৰত নিষ্ঠাৰে আত্মোৎসৰ্গ কৰিব লাগিব ৷ কবি সন্মিলনত অংশগ্ৰহণ কৰে ডাঃ নীলাক্ষি চলিহা গগৈ, ডাঃ অগস্ত্য বৰুৱা, জুবিলী গগৈ, প্ৰশান্ত দত্ত, প্ৰণৱী গগৈ, আফ্‌ৰুজা আখতাৰ, বিকাশজ্যোতি শইকীয়া, হিতেশ গগৈ, পবিত্ৰ গগৈ, কবিতা কৰ্মকাৰ, ভূপেন গগৈ, মৃদুল হালৈ, বন্দিতা নেওগ বৰগোহাঁই, বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, অমিতাভ ফুকন, কৌস্তুভমণি শইকীয়া দত্ত, ৰতন শদিয়াল, গীতাঞ্জলি বৰকটকী, দীপিকা শইকীয়া, শোভামণি দত্ত তামুলী, তপন বৰুৱা, জুলিয়ানা বেগম, বৰ্ণালী বৰা, পবিত্ৰ বৰঠাকুৰে৷ দুয়োটা অনুষ্ঠান পৰিচালনা কৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে৷ ইয়াৰ পাছতে প্ৰবোধ দাসৰ পৰিচালনাত বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা ৷

গ্ৰন্থ উন্মোচন

অসম গ্ৰন্থমেলা, দুলীয়াজানত আজি উন্মোচিত হয় দীপাংকৰ মল্ল বৰুৱাই ৰচনা কৰা “মুং ডুুন চুন খাম” শীৰ্ষক গ্ৰন্থখন ৷ গ্ৰন্থখন উন্মোচন কৰে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁয়ে ৷

You might also like