নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ তীক্ষ্ণ নজৰত ৬৩ ৰাজপত্রিত বিষয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ নৱেম্বৰঃ বিতর্কিত আৰটিআই কর্মী তথা প্রৱঞ্চক দুলাল বৰাৰ প্রতি সহায়ৰ হাত আগবঢ়োৱা কেইবাজনো প্রশাসনীয় বিষয়াৰ বিৰুদ্ধে গ্রহণ কৰা হ’ব কঠোৰ পদক্ষেপ৷ প্রৱঞ্চনা তথা ব্লেকমেইলিঙেৰে ধন লুণ্ঠন কৰা দুলাল বৰাৰ সৈতে এই প্রশাসনিক বিষয়াসকলৰ গোপন মিতিৰালি থকাই নহয়, বিষয়াসকলে দুলাল বৰাক সহায় কৰাৰ বাবে লাভ কৰিছিল বৃহৎ পৰিমাণৰ ধন৷ প্রৱঞ্চক দুলাল বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে চলাই থকা তদন্তত এই তথ্য পোহৰলৈ আহিছে৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি দুলাল বৰাৰ সৈতে মিতিৰালি কৰা ৬৩গৰাকী ৰাজপত্রিত বিষয়াক ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে৷ দিছপুৰৰ কর্মচাৰী বিভাগে ইতিমধ্যে এই সন্দর্ভত প্রস্তুত কৰিছে এক তালিকা৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি সচিবালয়ত বহা তথা বিভিন্ন ৰাজ্যত কার্যনির্বাহ কৰি থকা আইএএছ, এচিএছ, আইপিএছ, এপিএছ বিষয়াকে ধৰি বিভিন্ন বিষয়াই দুলাল বৰাক যোগান ধৰিছিল চৰকাৰৰ গোপন খবৰ৷ সমান্তৰালভাৱে কোনো বিষয়াৰ বিৰুদ্ধেও এইসকল বিষয়াই দুলাল বৰাক হাতত তুলি দিছিল গোপন খবৰ৷ মুখ্যতঃ চৰকাৰক বিপদত পেলাব পৰা খবৰ ফাদিল কৰি দুলাল বৰাৰ জৰিয়তে ব্লেকমেইলিঙত নামি পৰা এইসকল বিষয়াৰ বিৰুদ্ধে এইবাৰ আৰক্ষীয়ে কঠোৰ স্থিতি গ্রহণ কৰিছে৷ মন কৰিবলগীয়া যে বিজেপিৰ এজন নেতাৰ আত্মহত্যাৰ সৈতে সাঙোৰ খাই পৰা প্রৱঞ্চক দুলাল বৰাক শেহতীয়াকৈ যোৱা ছেপ্ঢেম্বৰ মাহত পলাতক অৱস্থাৰ পৰাই দিল্লীৰ পৰা গ্রেপ্তাৰ কৰিছিল আৰক্ষীয়ে৷ ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত দুলাল বৰাৰ বিৰুদ্ধে পঞ্জীয়ন হৈ থকা ৩১টা গোচৰৰ তদন্ত চলাই থকা আৰক্ষীয়ে শেহতীয়াকৈ দুলাল বৰাৰ টেলিফোন ৰেকর্ড পৰীক্ষা কৰাত ৰাজ্য চৰকাৰৰ প্রশাসনিক বিষয়াৰ সৈতে দুলাল বৰাৰ মধুৰ সম্পর্ক পোহৰলৈ আহিছে৷ তালিকাত থকা এই বিষয়াসকলৰ বহুকেইজনে দুলাল বৰাৰ সৈতে ঘণ্টাৰ পাছত ঘণ্টা ধৰি ফোনত বার্তালাপ কৰাৰ লগতে মাহেকত ২৫ দিন ধৰি প্রৱঞ্চকজনৰ সৈতে যোগাযোগ চলোৱাৰো তথ্য আৰক্ষীয়ে লাভ কৰিছে৷ কি কাৰণত অথবা কি উদ্দেশ্যে প্রৱঞ্চকজনৰ সৈতে ৰাজ্য চৰকাৰৰ প্রশাসনিক বিষয়াই এনেদৰে দীর্ঘ সময় ধৰি ফোনত বার্তালাপত ব্যস্ত আছে সেই সন্দর্ভত আৰক্ষীয়ে একাংশ বিষয়াক সোধা–পোছাৰ বাবে তলব কৰাৰ সম্ভাৱনা আছে৷ সমান্তৰালভাৱে কর্মচাৰী বিভাগে এনে একাংশ বিষয়াক দুলাল বৰাৰ সৈতে থকা সম্পর্কৰ বাবে কৈফিয়ৎ তলব কৰাৰো সম্ভাৱনা আছে৷ মন কৰিবলগীয়া যে দুলাল বৰাক কোনোধৰণৰ আৰটিআইৰ আবেদনৰ উত্তৰ দিয়া নহ’ব বুলি শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে৷ দুলাল বৰাক এজন অপৰাধী বুলি গণ্য কৰাৰ লগতে চৰকাৰী বিভাগসমূহক দুলাল বৰাৰ কোনো আৰটিআইৰ প্রশ্ণৰ উত্তৰ নিদিবলৈও ইতিমধ্যে নির্দেশ জাৰি কৰা হৈছে৷ ৰাজ্যিক তথ্য আায়োগকো দুলাল বৰাক অপৰাধী হিচাপে বিবেচনা কৰিবলৈ চৰকাৰৰ তৰফৰ পৰা অৱগত কৰা হৈছে৷ কিন্তু এনে সময়তে বিতর্কিত তথা ব্লেকলিষ্টেড আৰটিআই কর্মীজনৰ সৈতে সু–সম্পর্ক ৰাখি চৰকাৰক বিপদত পেলাব পৰা খবৰ লিক কৰাৰ তথ্য পোহৰলৈ অহাৰ বিষয়টোৱে আৰক্ষীকো চিন্তিত কৰিছে৷ সমগ্র বিষয়টো আৰক্ষীয়ে এতিয়া কি ধৰণে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like