নিউজ ডেস্ক, ১২ নৱেম্বৰ : মহাৰাষ্ট্রৰ প্রাক্তন মন্ত্রী তথা এনচিপি নেতা বাবা ছিদ্দিকিক হত্যাৰ মূল অভিযুক্ত শিৱ কুমাৰক নেপাললৈ পলাই যোৱাৰ পূর্বে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ উত্তৰ প্রদেশৰ বাহৰেইচৰ পৰা শিৱ কুমাৰক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ তদন্তকাৰী আৰক্ষীয়ে দাবী কৰা অনুসৰি, যোৱা ২৯ দিন ধৰি পলাই থকা সময়ত গেংষ্টাৰ লৰেঞ্চ বিষ্ণইৰ ভাতৃ আনমোলৰ সৈতে স্নেপচ্যাটত নিয়মিত যোগযোগ ৰাখিছিল শিৱ কুমাৰে৷ ১২ অক্টোবৰত মহাৰাষ্ট্রৰ প্রাক্তন মন্ত্রী ছিদ্দিকিক গুলীয়াই হত্যা কৰিছিল আততায়ীয়ে৷ আৰক্ষী সূত্রই দাবী কৰা অনুসৰি, অকল পিতৃ বাবা ছিদ্দিকিয়েই নহয়, হত্যাকাৰীৰ টার্গেট পুত্র জিছানো৷ কোনোমতে ৰক্ষা পাইছিল জিছান ছিদ্দিকিয়ে৷ এই হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে কুখ্যাত লৰেঞ্চ বিষ্ণই গেঙে৷