চুক্তিমতে অনুষ্ঠানত উপস্থিত নহ’ল নাগাৰা নামৰ পাঠিকা হীৰামণি বৈশ্য
নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ আগধন লৈ চুক্তিমতে কাতিমহীয়া নাগাৰা নামৰ অনুষ্ঠানত উপস্থিত নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে নাগাৰা নামৰ এগৰাকী জনপ্ৰিয় পাঠিকাৰ বিৰুদ্ধে। যাৰ বাবে নাগাৰা নাম দলটিৰ পাঠিকা ৰঙিয়াৰ হীৰামণি বৈশ্যৰ বিৰুদ্ধে বাইহাটা চাৰিআলি থানাত এজাহাৰ দাখিল কৰা হৈছে। ঘটনাৰ বিৱৰণী মতে, বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত শালমাৰা গাঁৱৰ জানপাৰ চুবুৰিৰ শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ প্ৰাংগনত কালি (১০ নৱেম্বৰ তাৰিখে) কাতি মাহ উপলক্ষ্যে দিনৰ ভাগত ভাগৱত পাঠ আৰু নিশা ছোৱালীৰ দুটি নাগাৰা নাম দলক নাম পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল। ইয়াৰ এটা নাগাৰা নাম দলৰ পাঠিকা আছিল ৰঙিয়াৰ হীৰামণি বৈশ্য। যোৱানিশা অৰ্থাৎ নৱেম্বৰ মাহৰ ১০ তাৰিখে নিশা ৭ বজাৰ পৰা নাম পৰিৱেশন কৰিবলৈ শালমাৰা বাসুদেৱ নামঘৰ পৰিচালনা সমিতিৰ লগত জুলাই মাহৰ ১৭ তাৰিখে চুক্তিবদ্ধ কৰা হৈছিল। চুক্তি পত্ৰত চহী কৰিছিল পাঠিকা হীৰামণি বৈশ্যই নিজে। নাগাৰা নাম পৰিবেশ কৰিবলৈ চুক্তি অনুসৰি দলটোক আগধনো দিয়া হৈছিল। কিন্তু চুক্তি অনুসৰি নিদিষ্ট সময়ত অৰ্থাৎ কালি নিশা ৰঙিয়াৰ সুন্ধিয়া পদুম কুঁৱৰী ছোৱালী নাগাৰা নাম দলৰ পাঠিকা হীৰামণি বৈশ্য উপস্থিত নহল। সেই সময়ত নাম চাবলৈ অগণন দৰ্শক উপস্থিত হৈছিল। যথা সময়ত দুটি নাগাৰা নাম দলৰ এটি নাগাৰা নাম দল সময়মতে উপস্থিত হ’ল যদিও ৰঙিয়াৰ হীৰামণি বৈশ্যৰ পদুম কুঁৱৰী ছোৱালী নাগাৰা নামৰ দলটি উপস্থিত নোহোৱাত উদ্যোক্তা সকলে পিছলৈ বহু সময় অপেক্ষা কৰি যোগাযোগ কৰিবলৈ আৰম্ভ কৰে। প্ৰথম অৱস্থাত পাঠিকা ৰঙিয়াৰ হীৰামণি বৈশ্যৰ পৰা কোনো সহাৰি পোৱা নাছিল উদ্যোক্তাসকলে। নিশা দহ বজাৰ পিছত উদ্যোক্তাসকলে ফোনত যোগাযোগ কৰি থকাত পাঠিকা হীৰামণি বৈশ্যই নলবাৰীত নাম পৰিবেশন কৰি থকা বুলি জনাই দিয়াত সকলো আচৰিত হয়। শালমাৰাত তেওঁলোকৰ নাম পৰিবেশনৰ অনুষ্ঠান নাই বুলি জনায় দিয়ে হীৰামণি বৈশ্যই। শালমাৰা গাঁৱৰ জানপাৰা চুবুৰীৰ শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ পৰিচালনা সমিতিৰ লগতে স্থানীয় ৰাইজৰ লগতে নাম উপভোগ কৰিবলৈ অহা দৰ্শকসকলে পাঠিকা হীৰামনি বৈশ্যৰ মন্তব্যত লজ্জিত হয়। আগধন লৈ চুক্তিমতে নাম পৰিবেশন কৰিবলৈ উপস্থিত নোহোৱাৰ অভিযোগত শালমাৰা জানপাৰ চুবুৰীৰ বাসুদেৱ নামঘৰ পৰিচালনা সমিতিয়ে আজি ৰঙিয়া সুন্ধিয়াৰ নাগাৰা নামৰ পাঠিকা হীৰামনি বৈশ্যৰ বিৰুদ্ধে বাইহাটা চাৰিআলি থানাত এজাহাৰ দাখিল কৰিছে। সদৌ অসম নাগাৰা নাম সংঘক এনেধৰণৰ চুক্তি উলংঘা কৰা নাগাৰা নামৰ শিল্পী তথা পাঠিকা হীৰামনি বৈশ্যৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাই শালমাৰা গাঁৱৰ জানপাৰ চুবুৰীৰ ৰাইজে।
প্ৰেৰক হীৰকজ্যোতি ডেকা