নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান ! প্রদূষণত এদিনতে অসুস্থ ১৫ হাজাৰ

🔹 ১,৯০০লৈ অৱনমিত একিউআই : হাস্পতালত ৰোগীৰ ভিৰ

নিউজ ডেস্ক, ১৬ নৱেম্বৰ : ভয়াৱহ খাদ্য সংকটৰ মাজতে এইবাৰ বায়ু প্রদূষণে নতুন বিপর্যয় কঢ়িয়াই আনিছে পাকিস্তানৰ লাহোৰলৈ৷ সমগ্র পাকিস্তানেই প্রদূষণৰ গ্রাসত পৰিছে যদিও লাহোৰৰ পৰিস্থিতি অধিক ভয়াৱহ৷ লাহোৰত বতাহৰ গুণগত মান (একিউআই) ১,৯০০লৈ অৱনমিত হৈছে৷ অর্থাৎ অতি ভয়াৱহ পৰিস্থিতি৷ স্থানীয় সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি প্রদূষণ আৰু ধোঁৱাৰ বাবে চহৰখনত প্রতিমুহূর্ততে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা৷ শ্বাস কষ্টৰ উপসর্গ লৈ হাস্পতালত বৃদ্ধি পাইছে শিশুৰ পৰা বয়স্ক লোকৰ ভিৰ৷ পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে এদিনতে ১৫ হাজাৰ মানুহক চহৰখনৰ বিভিন্ন হাস্পতালত ভর্তি কৰিবলগীয়া হৈছে৷ হাস্পতালসমূহত অত্যধিকভাৱে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা৷ গতিকে স্বাস্থ্য সংকটৰ মুখত পৰিছে লাহোৰ৷ স্থানীয় সংবাদ সংস্থাসমূহৰ প্রতিবেদন অনুসৰি শুকান কাহ, শ্বাস কষ্টৰ সমস্যা, নিউমোনিয়া আৰু বুকুত সংক্রমণৰ দৰে উপসর্গ বৃদ্ধি পাইছে ৷ ইয়াৰ ফলত হাস্পতালত ৰোগীৰ সংখ্যাও বৃদ্ধি পাইছে৷

You might also like