আৰক্ষী বিষয়া ড০ পাৰ্থসাৰথি মহন্তক সন্মানীয় ফেল’ নিযুক্তি
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ নৱেম্বৰঃ ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান (আই আই টি)ৰ ‘চেণ্টাৰ ফৰ ইণ্ডিয়ান ন’লেজ ছিষ্টেম’ (CIKS)-এ আই পি এছ বিষয়া ড০ পাৰ্থসাৰথি মহন্তক সন্মানীয় ফেল’ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। ড০ মহন্তই এই প্রতিষ্ঠানৰ মৰ্যাদাপূৰ্ণ প্ৰকল্প ‘পণ্ডিত হেমচন্দ্ৰ গোস্বামী মিছন ফৰ পপুলাৰাইজেচন অব্ ছায়েন্স এণ্ড আছামিজ কালচাৰ”ৰ প্রতি সক্ৰিয় অৰিহণা আগবঢ়াব। অসমীয়া সংস্কৃতি আৰু শিক্ষা জগতৰ পুৰোধা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নামত নামকৰণ কৰা এই মিছনে অসমৰ স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীসকলক STEM (Science, Technology, Engineering and Mathmatices) শিক্ষাক আঁকোৱালি লোৱাত উদ্গনি যোগাব। সমান্তৰালভাৱে এই মিছনে ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ভাষা-সংস্কৃতি আৰু সাহিত্যৰ প্রতি অনুৰাগী কৰি তুলিব। ড০ পাৰ্থসাৰথি মহন্তৰ নেতৃত্ব আৰু পৰিকল্পনাত এই প্রকল্পৰ অধীনত STEMৰ বিষয় সন্দৰ্ভত উদ্ভাৱনী চিন্তা, উৎসুকতা বৃদ্ধি, অসমীয়া ঐতিহ্যক সংৰক্ষণ আৰু উদযাপনৰ বাবে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন, শৈক্ষিক প্রতিষ্ঠানৰ সহযোগত বিজ্ঞান শিক্ষা আৰু সাংস্কৃতিক বুজাবুজিৰ মাজত সাঁকো গঢ়াৰ আদি বিষয়ৰ কৰ্মশালা, আলোচনাচক্র আদি অনুষ্ঠিত কৰিব। আমেৰিকাৰ প্ৰতিষ্ঠিত চিকিৎসক, পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নাতি তথা পণ্ডিত হেমচন্দ্ৰ গোস্বামী ফাউণ্ডেচনৰ অধ্যক্ষ ড০ নৱ গোস্বামীয়ে এই প্রকল্প আৰম্ভ কৰিছে। চেণ্টাৰ ফৰ ইণ্ডিয়া ন’লেজ ছিষ্টেমৰ মুৰব্বী অধ্যাপক উদয় এছ দীক্ষিতে এই প্রকল্পৰ প্ৰধান ইনভেষ্টিগেটৰ হিচাপে সেৱা আগবঢ়াইছে। ৰাজহুৱা জীৱনত উল্লেখনীয় সেৱা আগবঢ়োৱা আৰু সমাজৰ উন্নয়নত আগবঢ়োৱা অৰিহনাৰ বাবে ড০ পাৰ্থসাৰথি মহন্তক এই প্রকল্পৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰা৷ হৈছে। এই প্রকল্পত ড০ মহন্তৰ অংশীদাৰিত্বই বিজ্ঞান আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত ব্যুৎপত্তি থকা শিক্ষাৰ্থীসকলক অধিক আগ্রহী কৰিব বুলি আশা কৰা হৈছে।