চৰাইদেউত আজিৰে পৰা বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ আৰম্ভ
নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰ : নিজৰ সমৃদ্ধিশালী ঐতিহ্যকলৈ গৌৰৱ কৰিব নোৱাৰা এটা জাতিয়ে কেতিয়াও শক্তিশালী, সুস্থ সবল জাতি হিচাপে পৰিচিতি লাভ কৰিব নোৱাৰে। জাতীয় ঐতিহ্যই জাতিগত সভ্যতা সংস্কৃতিৰ পৰিচয় বহন কৰে সেয়ে অসমীয়া জাতিয়ে ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ সোণালী স্বাক্ষৰ বহন কৰা চৰাইদেউৰ মৈদামক্ষেত্ৰক লৈ গৌৰৱ কৰাৰ সমান্তৰাল ভাৱে এই মৈদামক্ষেত্ৰক চৰকাৰী আৰু বেচৰকাৰী নানা চেষ্টা, পদক্ষেপৰ জৰিয়তে বিশ্বৰ বুকুত জিলিকাই তোলাৰ ঐকান্তিক প্ৰচেষ্টা চলোৱা অতিকে দৰকাৰ বুলি আজি বক্তব্য আগবঢ়াই গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচি মহন্তই। উল্লেখযোগ্য যে আজিৰে পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ ঐতিহাসিক চৰাইদেউ মৈদামথলীত বিশ্ব ঐতিহ্য সপ্তাহ ২০২৪ উদযাপন কৰা হৈছে৷ অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অন্তর্গত অসম প্রত্নতত্ত্ব সঞ্চালকালয়ৰ দ্বাৰা স্বৰ্গদেউ সকলৰ স্মৃতি তর্পণ সমিতি, চৰাইদেউৰ সহযোগত অনুষ্ঠিত হৈছে বিশ্ব ঐতিহ্য সপ্তাহ ২০২৪। আজি প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱা স্থানীয় বালি মৈদামৰ পৰা চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্রলৈ এক ঐতিহ্য যাত্রা বাহিৰ কৰা হয়। বিভিন্ন বিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে এই ঐতিহ্য যাত্রাত অংশগ্ৰহণ কৰে। ইয়াৰ পাছত দিনৰ ১১ বজাত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হয় ৷ বন্তি প্ৰজ্বলনেৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে।সভাত প্রত্নতত্ত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড° দীপিৰেখা কুলিয়ে আদৰণি ভাষণ আগবঢ়োৱাৰ পাছত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচি মহন্তই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ঐতিহ্য কি, ইয়াৰ গুৰুত্ব আৰু বিশ্ব ঐতিহ্য সপ্তাহ উদযাপন সম্পৰ্কে বক্তব্য আগবঢ়ায়। অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অসম ৰাজ্যিক পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাই ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত চৰকাৰী আৰু বেচৰকাৰী ভাৱে ইয়াত যথেষ্ট খিনি কৰণীয় আহি পৰিছে বুলি বক্তব্য আগবঢ়ায়। তেওঁ অহা ২৬, ২৭ নৱেম্বৰত কাজিৰঙাত অনুষ্ঠিত কৰিব লোৱা ইণ্টাৰনেচনেল ট্ৰেড মাৰ্টত অংশগ্ৰহণ কৰিবলৈ অহা দেশী বিদেশী লোক সকলক ভাৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰি সকলোকে ডিব্ৰুগড় বিমান বন্দৰলৈ আনি তাৰপৰা সকলোকে চৰাইদেউ মৈদামক্ষেত্ৰত সুমুৱাই কাজিৰঙালৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব দি কয় যে, এনে পদক্ষেপৰ দ্বাৰা মৈদামক্ষেত্ৰৰ সৈতে দেশী বিদেশী লোকসকলক পৰিচয় কৰাই তেওঁলোকৰ দ্বাৰা চৰাইদেউক আনৰ আগত চিনাকি কৰাই দিবলৈ, ইয়ালৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ প্ৰয়াস চলোৱা হৈছে বুলি উল্লেখ কৰে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাষণ আগবঢ়াই সোণাৰি সমষ্টিৰ বিধায়ক ধর্মেশ্বৰ কোঁৱৰে কয় যে দেশী বিদেশী পৰ্যটক থকাৰ বাবে চৰাইদেউ মৈদামক্ষেত্ৰত অদ্যপি আন্তঃগাথনি নিৰ্মাণ হৈ উঠা নাই। এনে প্ৰেক্ষাপটত তেওঁ অতি সোনকালে ইয়াত দেশী বিদেশী পৰ্যটক থাকিব পৰা উন্নত মানৰ ঘৰ বা আলহী ঘৰ নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ অনুষ্ঠানটোত উপস্থিত থকা ৰাজ্যিক পৰ্যটন বিকাশ নিগমৰ অধ্যক্ষ গৰাকীৰ দৃষ্টি আকৰ্ষণ কৰে। চৰাইদেউ মৈদামক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত এই ঐতিহাসিক ঠাই পৰ্যটনৰ দিশত কিদৰে বিকাশ ঘটাব পাৰি সেয়া চিন্তা কৰিবলৈকো ৰাজ্যিক পৰ্যটন বিভাগৰ অধ্যক্ষ গৰাকীৰ প্ৰতি আহ্বান জনায়। অনুষ্ঠানটোত বিশিষ্ট সাংস্কৃতিক বিশেষজ্ঞ ড° কে.চি. নৰিয়াল, কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগৰ গুৱাহাটী চক্ৰৰ অধ্যক্ষ ড° ৰাজীৱ থেৱাৰী, তৰ্পণ সমিতিৰ সভাপতি ৰোহিনী মহন, শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত নিমাশ্ৰী ডাওকা, অৱসৰী অধ্যক্ষ ললিত গগৈ, সমাজকৰ্মী হিৰেশ্বৰ তামুলী, সোণাৰি প্ৰেছ ক্লাবৰ সভাপতি আলিম আহমেদ , টাই উন্নয়ন সমিতিৰ সদস্য হিৰেণ ফুকন, অবসৰপ্ৰাপ্ত শিক্ষক ধীৰেন চেতিয়া ,সম জিলা আয়ুক্ত পলাশ ৰঞ্জন আহোমকে ধৰি ভালে কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়াই৷ প্ৰসংগক্ৰমে উল্লেখ্য যে আজিৰে পৰা ২৫ নৱেম্বৰলৈ বিশ্ব ঐতিহ্য সপ্তাহ উদযাপিত হব। অহা ২১ নৱেম্বৰৰ দিনা চৰাইদেউৰ পৰ্যটন তথ্য কেন্দ্রত চৰাইদেউ মৈদাম : আমাৰ ঐতিহ্য আমাৰ গৌৰব শীৰ্ষক বিষয়বস্তুৰে ৰচনা প্রতিযোগিতা আৰু হোজাই জিলাৰ ৰাজমোহন নাথ প্রত্নতাত্ত্বিক উদ্যানত দিনৰ ১১ বজাত ঐতিহ্য সংৰক্ষণৰ সজাগতা সভা অনুষ্ঠিত হব। ২২ নৱেম্বৰৰ দিনা চৰাইদেউৰ পৰ্যটন তথ্য কেন্দ্রত চিত্রাংকন প্রতিযোগিতা আৰু কামৰূপ জিলাৰ কানাই বৰশী বোৱা প্রত্নতাত্ত্বিক স্থানত দিনৰ ১১ বজাৰ পৰা ঐতিহ্য সংৰক্ষণৰ সজাগতা সভা এখন অনুষ্ঠিত হব। ২৩ নৱেম্বৰত বিশ্ব ঐতিহ্য ক্ষেত্র চৰাইদেউত চাফাই অভিযান কাৰ্যসূচী আৰু ২৫ নৱেম্বৰৰ দিনা বিয়লি ২ বজাত চৰাইদেউৰ পৰ্যটন তথ্য কেন্দ্রত বিশ্ব ঐতিহ্য সপ্তাহ ২০২৪ৰ সামৰণি অনুষ্ঠান আৰু পুৰস্কাৰ বিতৰণী অনুষ্ঠান অনুষ্ঠিত হব। ইয়াত মুখ্য অতিথি হিচাপে বিভাগীয় মন্ত্ৰী নন্দিতা গাৰ্লোচা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।
প্ৰেৰক দুষ্মন্ত নাথ