বিহমাৰীৰ কুলাগুৰী জাৰণিত হাতী-মানুহৰ সংঘাত অব্যাহত
নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে বিশ্বনাথ জিলাৰ বিহমাৰী, কুলাগুৰী, শিয়ালমাৰী, বনগাঁও, জাৰণি, বৰাজুলী আদি অঞ্চলত অব্যাহত আছে হাতী মানুহৰ সংঘাত। কাজিৰঙাৰ ষষ্ঠ সংযোজনাৰ আৰু বিহালী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ২০-২৫ জনীয়া বনৰীয়া হাতীৰ জাকে নষ্ট কৰি পেলাইছে বিঘাই বিঘাই ধাননি পথাৰ। খেতিয়কে কপালৰ ঘাম মাটি কৰি কৰা খেতি খাই গছকি তহিলং কৰি পেলাইছে। যাৰ ফলত গঞাই বিনিদ্ৰ ৰজনী কটাইছে। নিশা বিহমাৰীৰ কুলাগুৰী জাৰণিত এজাক বনৰীয়া হাতীৰ জাকে ধাননি পথাৰত অনিষ্ট কৰি থকা অৱস্থাত হাতী খেদিবলৈ গৈ হাতীৰ আক্ৰমণত এজন লোক গুৰুত্বৰ ভাৱে আহত হয়। লোকজন জাৰণিৰ ডিমা ওৰাং বুলি জানিব পৰা গৈছে। ইতিমধ্যে লোকজনক বিশ্বনাথৰ কনকলতা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে। এই ক্ষেত্ৰত হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ বন বিভাগে কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ তুলিছে এই অঞ্চলৰ ৰাইজে।
প্ৰেৰক ভুবন লুইটেল