নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ৰহস্যজনক মৃত্যু গুৱাহাটীৰ মেধাৱী ছাত্রী ঋতুপর্ণাৰ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ ৰাজধানী নতুন দিল্লীত অধ্যয়নৰত গুৱাহাটীৰ এগৰাকী যুৱতিৰ মৃত্যুকলৈ ৰহস্যৰ উদ্ৰেক কৰিছে। আপাতদৃষ্টিত হৃদৰোগত আক্ৰান্ত হৈ ২৩ বছৰীয়া ঋতুপৰ্ণা বৰ্মনৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে ব্যক্ত কৰিছে যদিও তেওঁৰ পৰিয়ালবৰ্গই এই মৃত্যুক ৰহস্যজনক বুলি তদন্তৰ দাবী জনাইছে। জানিব পৰা মতে, পৰিয়াল সূত্ৰত প্ৰকাশ পোৱা মতে, নাৰাংগী ফৰেষ্টগেট শান্তি নগৰ নিবাসী ঋতুপৰ্ণাই দিল্লী বিশ্ব বিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বৰ্তমানে পিএইডিৰ বাবে প্ৰস্তুতি চলাই আছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নতুন দিল্লীৰ বিজয় নগৰস্থিত ছিমৰান পিজিত বাস কৰা ঋতুপৰ্ণাই কালি নিশা হৃদৰোগত আক্ৰান্ত হৈছিল। পাছত চিকিতসালয়লৈ নিয়াৰ পথত তেওঁৰ মৃত্যু হয়। পৰিয়ালে প্ৰকাশ কৰা সন্দেহৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি থাকিছে। কন্যাৰ মৃত্যুৰ বাতৰি লাভ কৰি আজি পুৱাৰ ভাগতেই ঋতুপৰ্ণাৰ পিতৃ ভূপেন্দ্ৰ বৰ্মন আৰু তেওঁৰ ভাতৃয়ে দিল্লী আহি পাইছে। সাংবাদিকৰ আগত পিতৃৰ পোনপোটিয়া অভিযোগ– এই মৃত্যু মুঠেই স্বাভাবিক নহয়।

প্ৰেৰক কল্লোল ভৌমিক

You might also like