সুকন্যা : কেব চলাই স্বাৱলম্বিতাৰ পথ দেখুওৱা যোৰহাটৰ দুগৰাকী উচ্চ শিক্ষিতা যুৱতী
সঞ্জীৱ হাজৰিকা
আধুনিকতাৰ ধামখুমিয়াত বৰ্তমান সময়ত একাংশ যুৱক যুৱতী ম’বাইলত ৰিল বনুৱাত , বেষ্ট হৈ থকাৰ বিপৰীতে একাংশ উচ্চ শিক্ষিতা যুৱতীয়ে দেখুৱাইছে কিন্তু স্বাৱলম্বিতাৰ এক পথ নিদৰ্শন। তেনে দুগৰাকী যুৱতী হল যোৰহাট মালৈ আলি বাই পাছৰ দেবাশ্ৰী বৰুৱা আৰু ন আলি বঙাল পুখুৰীৰ প্ৰীয়াকনাং দত্ত। সমাজ এখনত সুন্দৰ কৈ জীয়াই থকাৰ সংগ্ৰামেৰে উঠি অহা নৱ প্ৰজন্মৰ আদৰ্শ হৈ পৰা দেবাশ্ৰী আৰু প্ৰিয়াকনাং দুয়ো কেব চালক।
নিম্ন শ্ৰেণীৰ পৰা একেলগে স্কুলিং কৰা দুই বান্ধবিয়ে এদিন সপোন দেখি ৰাতি দুয়োৰে মাজত আলোচনা চলিল নিজে গাৰি চলাই থকাতকৈ যাত্ৰীক লৈ ভাৰা মাৰিব পৰা হয়? সেই কথা ভাবি দুয়োগৰাকীয়ে সামাজিক মাধ্যমৰ মুখ পুঠিত এদিন এটা পুষ্ট দিলে পাছত পোষ্টত বহু জনৰ সমৰ্থন পাই আগবাঢ়িল কের এজেঞ্চীত গাৰি চলোৱা সেই সপোন আজি সাকাৰ ৰূপ লৈ মাৰুটি এলট্ৰ, চুইফট, হিদান নিজা চাৰিখন আৰু অনৰ পৰা ভাৰা লৈ চাৰিখন মুঠ আঠ খন গ চলাই ভাৰা মাৰি এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।
যোৰহাট মালৌ আলীৰ বিশ্বনাথ বৰা আৰু অৰুণা বৰাৰ ডাঙৰ জী দেবাশ্ৰী বৰুৱাই ডনবস্ক বাঘচুং পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৭৯%নম্বৰ সহ চাৰিটা বিষয়ত লেটাৰ আৰু তিতাবৰ প্ৰাগজ্যোতিকা বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত। ৭৫% নম্বৰ সহ ৪ বিষয়ত বিজ্ঞান শাখাত লেটাৰ লৈ উৰ্ত্তীণ হৈ পাছত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লৈ উৰ্ত্তীণ হয়। তাৰ সমান্তৰাল ভাবে প্ৰীয়াকনাং দত্তই সৰুতে ডনবস্কো বাঘ্চুংত পঢ়ি পাছত ৰয়েল অয়েক হাইস্কুল পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত আৰু লুইত ভেলী কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা বাণিজ্য শাখাত ৬৩% নম্বৰ লাভ কৰি জগন্নাথ বৰুৱা মহাবদ্যালয়ত পৰা মাৰ্কেটিঙৰ বিষয়ত সন্মানীয় বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লাভ কৰে আৰু বেংগলৰ পৰা ডিপ্লমা ডিজিটেল মাৰ্কেটিঙ পাঠ্যক্ৰম সমাপ্ত কৰি কেৱ চালক হিচাপে দুই বান্ধৱী নিয়োজিত হৈ পৰে।
মৃগেন দত্ত আৰু জুম্পা দত্তৰ একমাত্ৰ কন্যাৰ এই পদক্ষেপ সঁচাই প্ৰসংশনীয়। আনে যোৱা বাটেৰে নোযোৱা মেধাৱী যুৱতী ছাত্ৰী দুগৰাকী দুখন গাড়ীৰে আৰম্ভ কৰি এটিয়া ৮ খন গাড়ীৰে গঠন কৰিছে এটা ট্ৰেভেল এজেঞ্চি আৰু তাৰ নাম দিছে “হাৰ ট্ৰেভেলছ”উচ্চ শিক্ষিত দুয়োগৰাকীৰ হাৰ ট্ৰেভেলত যাত্ৰা কৰি যাত্ৰী হিচাপে গৈ যাত্ৰী সকল সুখী হৈছে বিশেষকৈ মহিলা যুৱতী সকলে অতি ভাল পায় তেঁওলোকৰ ট্ৰেভেলছত যাত্ৰা কৰি ।কোনো এগৰাকী যুৱতী বা মহিলা যদি দূৰলৈ যাবলৈ পুৰুষ চালকৰ গাড়ীত যাবলৈ সংকোচ কৰে কিন্তু তেওঁলোকৰ গাড়ীত দূৰ দূৰলৈ যাবলৈ কোনো সংকোচ নকৰে। ডিব্ৰুগড়, শিৱসাগৰ,মৰিয়নি,গোলাঘাট লৈকে যাত্ৰী লৈ ভাৰা মাৰে বুলি যুৱতী কেইগৰাকী জানিবলৈ দিছে।গাড়ীৰ ষ্টিয়েৰিং ধৰি যাত্ৰী লৈ এক উদম্য সাহসেৰে নিশা ৭/৮ বজালৈ অৰঙে দৰঙে যাত্ৰীক লৈ ঘূৰি ফুৰা তেওঁলোকৰ পিতৃ মাতৃও আজি সুখী।
কেবল যোৰহাট বা উপকণ্ঠ অঞ্চল নহয়, যোৰহাট জিলাৰ বাহিৰৰ জিলালৈ তেওঁলোকৰ কেৱ চলাৰ উপৰিও চুবুৰীয়া ৰাজ্যলৈও তেওঁলোকৰ কেব চলে। গাড়ী চলোৱাত যদি কোনো যুৱতী পাৰ্গত আৰু আগ্ৰহী তাৰ বাবে তেওঁলোকক আগবাঢ়ি আহিবলৈ যুৱতী দুগৰাকীযে আহ্বান জনাইছে।যুৱতী দুগৰাকী এই পদক্ষেপ শলাগ লৈ সফল হোৱা কামনা কৰিছোঁ ।দুয়ো গৰাকী বান্ধৱীৰ মাজত এক গভীৰ বিশ্বাস , ভালপোৱা আৰু বুজা বুজি থকাৰ বাবেই দুয়ো সফলতাৰ জখলাত আগবঢ়িছে বুলি একাংশ লোকে মন্তব্য কৰিছে।