সম্পাদক : কেৰিকম সন্মিলনত প্রধানমন্ত্রী
ঐতিহাসিক গায়েনা ভ্রমণত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দ্বিতীয়সংখ্যক ভাৰত–কেৰিকম সন্মিলন সম্বোধন কৰে৷ পাঁচটা দশকৰ মূৰত প্রথমগৰাকী ভাৰতীয় প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদী গায়েনা ভ্রমণ অতিকে গুৰুত্বপূর্ণ বুলি চর্চিত হৈছে৷ গায়েনাৰ সৈতে ভাৰতৰ সম্পর্ক অতি সুদৃঢ় কৰাৰ প্রধানমন্ত্রী মোদীৰ এই ভ্রমণ তাৎপর্যপূর্ণ৷ গায়েনাত প্রধানমন্ত্রী মোদীয়ে দ্বিতীয় সংখ্যক ভাৰত–কেৰিকম সন্মিলনৰ সহঃধ্যক্ষতা কৰে৷ গেনেডাৰ প্রধানমন্ত্রী ডিকন মিচ্চেলে অধ্যক্ষতা কৰা এই কেৰিকম সন্মিলনত ভাৰতৰ প্রধানমন্ত্রীগৰাকীয়্ সাতটা গুৰুত্বপূর্ণ প্রস্তাৱ আগবঢ়ায়৷ প্রস্তাৱ আগবঢ়োৱাৰ উপৰিও প্রধানমন্ত্রী মোদীয়ে ‘কেৰিকম’ শব্দটোৰ প্রতিটো আখৰৰ বর্ণনা সুন্দৰভাৱে আগবঢ়াইছে৷ ভাৰত আৰু কেৰিবিয়ান দেশসমূহৰ মাজত সম্পর্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রী মোদীয়ে সাতটা স্তম্ভক প্রস্তাৱ আকাৰে উত্থাপন কৰিছে৷ গায়েনা ভ্রমণৰ ঐতিহাসিক মুহূর্তত প্রধানমন্ত্রী মোদীয়ে ভাৰত–কেৰিকম সন্মিলনত কেৰিবিয়ান দেশসমূহৰ সৈতে ভাৰতে সকলো দিশত সহযোগিতা আৰু সমন্বয় ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ অর্থনৈতিক, সহযোগিতা, কৃষি আৰু খাদ্য সুৰক্ষা, স্বাস্থ্য, ফার্মাচিটিকেল, বিজ্ঞান আৰু উদ্ভাৱনত প্রাধান্য দিয়া হৈছে৷ প্রধানমন্ত্রী মোদীয়ে আগবঢ়োৱা প্রস্তাৱৰ সাতটা স্তম্ভ কেৰিকমৰ প্রতিটো আখৰেৰে বর্ণনা কৰা হৈছে৷ মোদীৰ এই সাতটা স্তম্ভৰ ভিতৰত প্রথমটো হৈছে সক্ষমতা নির্মাণ, কৃষি আৰু খাদ্য সুৰক্ষা, নবীকৰণ শক্তি আৰু জলবায়ু পৰিৱর্তন, উদ্ভাৱন, প্রযুক্তি আৰু বাণিজ্য, ক্রিকেট আৰু সংস্কৃতি, সাগৰীয় অর্থনীতি আৰু ঔষধ আৰু স্বাস্থ্য সেৱা৷ প্রধানমন্ত্রী মোদীয়ে আগবঢ়োৱা এই সাতটা প্রস্তাৱে ভাৰত আৰু কেৰিবিয়ান দেশসমূহৰ মাজৰ সম্পর্ক অধিক সুদৃঢ় কৰাৰ ক্ষেত্রত অৰিহণা যোগাব৷ সন্মিলনত প্রধানমন্ত্রীগৰাকীয়্ ভাৰত আৰু কেৰিকম দেশসমূহৰ মাজত সম্পর্কক প্রাধান্য দিয়ে৷ অতীতৰ অভিজ্ঞতা আৰু বর্তমানৰ আৱশ্যকতা আৰু ভৱিষ্যতৰ আশংকাক লৈ আমাৰ দেশসমূহৰ মাজত সম্পর্ক গভীৰ কৰি তোলা হ’ব৷
ভাৰতে কেৰিবিয়ান দেশসমূহৰ সম্পর্ক নতুন শিখৰলৈ নিয়াৰ বাবে সকলো ক্ষেত্রতে সহযোগিতা আগবঢ়াব৷ প্রধানমন্ত্রী মোদীৰ সাতটা প্রস্তাৱৰ ভিতৰত সক্ষমতা নির্মাণৰ জৰিয়তে দেশসমূহত যুৱ শক্তিৰ দক্ষতাৰ লগতে প্রতিভাক অধিক আগবঢ়াই নিয়াৰ লক্ষ্য লোৱা হ’ব৷ কৃষি আৰু খাদ্য সুৰক্ষাৰ ক্ষেত্রত প্রয়োজনীয় সকলো আধুনিক ব্যৱস্থা গ্রহণৰ বাবে আগভাগ লোৱা হ’ব৷ তাৎপর্যপূর্ণ যে কৃষি আৰু খাদ্য সুৰক্ষা সম্প্রতি বিশ্বৰ বাবে অতি গুৰুত্বপূর্ণ বিষয় হিচাপে পৰিগণিত হৈছে৷ এনে ক্ষেত্রত কৃষিৰ উন্নয়নৰ লগতে খাদ্য সুৰক্ষাৰ ক্ষেত্রত এই সন্মিলনে প্রাধান্য দিব লাগিব৷ নবীকৰণ শক্তি আৰু জলবায়ু পৰিৱর্তন সম্প্রতি বিশ্বৰ মানৱ জাতিৰ বাবে অতিকে প্রত্যাহ্বানমূলক হৈ উঠিছে৷ নবীকৰণ শক্তিৰ জৰিয়তে সম্পদৰ সঠিক ব্যৱহাৰৰ লগতে প্রদূষণ ৰোধ কৰিব পাৰি৷ ঠিক তেনেদৰে মানৱ জাতিৰ বাবে ভয়াৱহ হৈ থকা জলবায়ু পৰিৱর্তন প্রতিৰোধ কৰিবলৈ হ’লে গোলকীয় উষ্ণতা নিয়ন্ত্রণ কৰিব লাগিব৷ এই পৰিপ্রেক্ষিততেই নবীকৰণ শক্তি, সেউজ শক্তি আদিক গুৰুত্ব দিব লাগিব৷ তেনেদৰে উদ্ভাৱন, প্রযুক্তি আৰু বাণিজ্যই দেশসমূহৰ মাজত সম্পর্ক গঢ়াৰ লগতে এখন দেশক উন্নয়নৰ দিশে আগবঢ়াই নিয়ে৷ ক্রিকেট আৰু সংস্কৃতিৰ জৰিয়তে ভাৰত–কেৰিবিয়ান দেশসমূহৰ মাজত সম্পর্ক অধিক উন্নীত কৰাৰ সকলো সম্ভাৱনা আছে৷ প্রধানমন্ত্রী মোদীয়ে ভাৰত আৰু কেৰিবিয়ান দেশসমূহৰ মাজত পাঁচটা ‘টি’ আগবঢ়াই নিয়াৰ ক্ষেত্রত গুৰুত্ব আৰোপ কৰে৷ এই পাঁচটা ‘টি’ৰ ভিতৰত ট্রেড (বাণিজ্য), টেকনলজি (প্রযুক্তি), টুৰিজিম (পর্যটন), টেলেণ্ট (প্রতিভা) আৰু ট্রেডিশ্যন (পৰম্পৰা) আছে৷ অনলাইন প’র্টেলৰ যোগেদি ব্যক্তিগত খণ্ড আৰু সকলো দেশৰ অংশীদাৰৰ সৈতে সম্পর্ক ৰক্ষা কৰি এই পাঁচটা ‘টি’ৰ মাজেৰে দেশসমূহৰ উন্নয়নৰ লগতে সম্পর্ককো সুদৃঢ় কৰি তুলিব৷ কেৰিকম হৈছে ২১খন দেশৰ এটা গোট৷ এই ২১খন দেশৰ ভিতৰত ১৫খন দেশ পূর্ণাংগ সদস্য আৰু ৬খন দেশ সহযোগী সদস্য৷ উল্লেখনীয় যে প্রধানমন্ত্রী মোদীৰ কেৰিকম সন্মিলনত সাতটা প্রস্তাৱে নতুন গতি দিব পাৰে৷