নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ ৰাসৰ সাংস্কৃতিক মঞ্চ উদ্বোধন ৰঞ্জিত ভট্টাচাৰ্যৰ

বিশেষ বাৰ্তা, ২১ নৱেম্বৰঃ ৰাস মহোৎসৱ ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি থকা আধ্যাত্মিক ভক্তি ভাৱৰ এক বহি প্ৰকাশ৷ ৰাসক্ৰীড়াৰ জৰিয়তে শ্ৰীকৃষ্ণই ১৬ গোপিনীৰ লগত ভক্তিৰ এক নিদৰ্শন দাঙি ধৰিছিল৷ গোপিনীসকলে নিজৰ ঘৰত থাকিয়েই ভক্তিৰ জৰিয়তে ৰাসক্ৰীড়াত মতলীয়া হৈছিল৷ এই মন্তব্য মুখ্যমন্ত্ৰীৰ সহায়ক তথা ৰাজ্যিক কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যৰ ৷ কালি নিশা শুৱালকুছিৰ সাৰ্বজনীন ৰাস উদযাপন সমিতিৰ দ্বাৰা অনুস্হিত ৰাস মহোৎসৱৰ সাংস্কৃতিক মঞ্চ উদ্বোধন কৰি তেওঁ পুনৰ কয় যে, ভগৱান শ্ৰীকৃষ্ণই গোপিনী সকলক ৰাসক্ৰীড়াৰ জৰিয়তে এইটো বুজাই দিছিল যে যতে জীৱ ততে শিৱ৷ শৰৎ কালৰ পূৰ্ণিমাত অনুস্হিত ৰাসৰ মহিমা অপাৰ বুলিও তেওঁ উল্লেখ কৰে৷ কৃষ্ণ জন্মৰ পৰা কংস বধলৈকে ৰাসস্হলীৰ স্টল সমুহত মৃন্ময় মূৰ্তিৰে দেখুৱা হয় ৷ উজনি অসমত মানুহৰ জীৱন্ত ৰাস কৰাৰ পৰিবৰ্তে নামনি অসমত মৃন্ময় মূৰ্তিৰে ৰাস উদযাপন কৰা হয় ৷ শুৱালকুছি ৰাস উদযাপন সমিতিয়ে এইবাৰ ৰাসস্হলীত কোনো বাহ্যিকতা নাৰাখি প্ৰজাপিতা ব্ৰহ্মকুমাৰীৰ দ্বাৰা জীৱন্ত ৰাস আৰু উদযাপন সমিতিয়ে মৃন্ময় মূৰ্ত্তিৰে ৰাস উদযাপন কৰি ৰাইজক বিশেষ প্ৰমোদ দিছে৷ ৰাস মহোৎসৱ এক বিশাল সমন্বয়ৰ প্ৰতীক বুলিও তেওঁ দোহাৰে৷ সমিতিৰ তৰফৰ পৰা তেওঁক বিপুল ভাৱে আদৰণি জনোৱা হয়৷ উদ্বোধনী অনুস্হানত ৰাস উদযাপন সমিতিৰ সভাপতি ৰাজিৱ দাস, কাৰ্যকৰী সভাপতি অপূৰ্ব দাস, সম্পাদক অৰূপ দাস প্ৰমুখ্যে কেবাগৰাকী বিষয়ববীয়া আৰু কাৰ্যকৰ্তা উপস্থিত থাকে৷ পিছত মঞ্চত শিল্পী কুসুম্বৰ নাথকে ধৰি কেবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়ে সংগীত পৰিৱেশন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰে৷
প্ৰেৰক দিলীপ মেধি
You might also like