বিৰাট কোহলিৰ পিছত ভাৰতীয় দলত নতুন ‘কিং’
🔹 পার্থত প্রথম ভাৰতীয় হিচাপে সর্বাধিক ৰান সংগ্রহ
নিউজ ডেস্ক, ২৫ নৱেম্বৰ : পার্থত ভাৰতীয় হিচাপে সর্বাধিক ৰান সংগ্রহ৷ অষ্ট্রেলিয়াৰ মাটিত শ্রেষ্ঠ অ’পেনিং যুটি৷ অষ্ট্রেলিয়াত জীৱনৰ প্রথম টেষ্ট খেলিবলৈ নামি শতৰান অর্জন৷ একেলগে এনে অসংখ্য অভিলেখ গঢ়িলে যশস্বী জয়ছোৱালে৷ ক্রিকেট মহলৰ মতে বিৰাট কোহলিৰ পিছত নতুন ‘কিং’ লাভ কৰিলে ভাৰতীয় ক্রিকেটে৷ জীৱনত প্রথমবাৰ মাত্র ২২ বছৰ বয়সতে পার্থৰ নিচিনা পিটচত টেষ্ট খেলাৰ সুযোগ লাভ কৰাটো সহজ কথা নহয়৷ প্রথম ইনিংছত তাৰেই প্রতিফলন ঘটাই আত্মসমর্পণ কৰিবলৈ বাধ্য হৈছিল যশস্বীয়ে৷ কোনো ৰান সংগ্রহ কৰাৰ পূর্বেই বিদায় লোৱাৰ পিছত যুৱ তাৰকাগৰাকীয়ে দ্বিতীয় ইনিংত প্রথম ভাৰতীয় হিচাপে পার্থত ১৫০ ৰান সংগ্রহ কৰে৷ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীত খেলিবলৈ নামি গাভাস্কাৰৰ অভিলেখ ভংগ কৰে তেওঁ৷ তৃতীয়গৰাকী ভাৰতীয় ক্রিকেটাৰ হিচাপে জীৱনত প্রথম অষ্ট্রেলিয়া ভ্রমণৰ প্রথম মেচত তেওঁ শতৰান অর্জন কৰে৷ অষ্ট্রেলিয়াত অভিষেক টেষ্টত সর্বোচ্চ ১১৩ ৰান কৰাৰ নজিৰ আছিল সুনীল গাভাস্কাৰৰ দখলত৷ কালি সেই নজিৰ ধূসৰ হৈ পৰে যশস্বীৰ বেটিং বিক্রমত৷ অষ্ট্রেলিয়াৰ মাটিত ভাৰতৰ শ্রেষ্ঠ অ’পেনিং যুটি হিচাপেও নতুন অভিলেখ গঢ়িলে তেওঁ৷ কে এল ৰাহুলৰ সৈতে ২০১ ৰানৰ যুটি বান্ধে যশস্বীয়ে৷ ইয়াৰ পূর্বে অষ্ট্রেলিয়াত ভাৰতৰ শ্রেষ্ঠ অ’পেনিং যুটি আছিল ১৯১ ৰানৰ৷ সেই যুটি গঢ়িছিল গাভাস্কাৰৰ সৈতে কৃষ্ণমাচাৰী শ্রীকান্তে৷ ইয়াতেই শেষ নহয় যশস্বীৰ অভিলেখ৷ পার্থত ভাৰতীয় হিচাপে সর্বোচ্চ ৰানৰ ইনিংছটো খেলিলে তেওঁ৷ ইয়াৰ পূর্বে সর্বাধিক ১২৭ ৰান কৰিছিল গাভাস্কাৰে৷ ইয়াৰ উপৰি শচীনৰ পিছত দ্বিতীয় কনিষ্ঠতম ভাৰতীয় হিচাপে অষ্ট্রেলিয়াত শতৰান কৰাৰ নজিৰ গঢ়ে যশস্বীয়ে৷