নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰ্থত ভাৰতৰ ঐতিহাসিক বিজয়, ধূলিসাৎ অষ্ট্ৰেলিয়াৰ অহংকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ নৱেম্বৰঃ পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন খেলত ভাৰতীয় দলটোৱে জয়লাভ কৰে। অষ্ট্ৰেলিয়াক ২৯৫ ৰানত পৰাস্ত কৰে টীম ইণ্ডিয়াই। অষ্ট্ৰেলিয়াৰ আগত ভাৰতে ৫৩৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। পিছে লক্ষ্যৰ পিছ লৈ খেলা কেংগাৰু দলটোৱে ২৩৮ ৰান সংগ্ৰহ কৰি অল আউট হয়। ভাৰতৰ হৈ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছিৰাজে ৩টাকৈ উইকেট দখল কৰে। ইফালে ভাৰতৰ হৈ দ্বিতীয় ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰে যশস্বী জয়ছোৱালে। জয়ছোৱালে ১৫টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ১৬১ ৰান সংগ্ৰহ কৰে। ইফালে বিৰাট কোহলিয়ে ৮টা চাৰি আৰু ২টা ছয়ৰ সহায়ত অপৰাজিত শতক অৰ্জন কৰে। আনহাতে কে এল ৰাহুলে ৫টা চাৰিৰ সহায়ত ৭৭ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলিছিল। জয়ছোৱাল, কোহলি আৰু ৰাহুলৰ উজ্জ্বল ইনিংছৰ বাবেই টীম ইণ্ডিয়াই দ্বিতীয় ইনিংছত ব’ৰ্ডত ৪৮৭ ৰানৰ বিশাল স্ক’ৰ কৰি অষ্ট্ৰেলিয়াৰ আগত ৰানৰ পাহাৰ থিয় কৰায়। উল্লেখ্য যে ভাৰতে প্ৰথম ইনিংছত মাত্ৰ ১৫০ ৰানত অল আউট হয়। পিছে ভাৰতীয় পেচ আক্ৰমণত ঘৰুৱা দলটো মাত্ৰ ১০৪ ৰানত অল আউট হোৱাৰ সূত্ৰে ভাৰতে ৪৬ ৰানৰ অগ্ৰগতি লাভ কৰে আৰু অষ্ট্ৰেলিয়াৰ সন্মুখত ৫৩৪ ৰানৰ বিজয় লক্ষ্য বান্ধি দিয়ে। ৰোহিত শৰ্মাৰ অনুপস্থিতিত ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব বহন কৰা যশপ্ৰীত বুমৰাহে খেলখনত ৮টা উইকেট দখল কৰে, যাৰ বাবে তেওঁক খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ প্ৰদান কৰা হয়। বুমৰাহে প্ৰথম ইনিংছত ৫টা দ্বিতীয় ইনিংছত ৩টা উইকেট দখল কৰে। ২২ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা খেলখনত টীম ইণ্ডিয়াই টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম ইনিংছত মাত্ৰ ১৫০ ৰানত অল আউট হৈছিল টীম ইণ্ডিয়া। ইয়াৰ পিছত এনে লাগিছিল যে প্ৰথমখন টেষ্টতে টীম ইণ্ডিয়া বিপদত পৰিব, কিন্তু তাৰ পিছত টীম ইণ্ডিয়াই বলিঙেৰে অষ্ট্ৰেলিয়াক ১০৪ ৰানত অল আউট কৰে। তাৰ পিছত দ্বিতীয় ইনিংছত বেটিং কৰি টীম ইণ্ডিয়াই ৪৮৭/৬ ৰান কৰি ইনিংছ ঘোষণা কৰে। উল্লেখ্য যে পাৰ্থ টেষ্টৰ চতুৰ্থ দিনাই পৰাজয় স্বীকাৰ কৰে অষ্ট্ৰেলিয়াই। কিয়নো তৃতীয় দিনা ভাৰতে ইংনিছ ঘোষণা কৰাৰ পিছত অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ আহি ৩টা উইকেট হেৰুৱাই আৰু ভাৰতৰ জয় একপ্ৰকাৰ কালিয়েই নিশ্চিত হৈছিল যদিও আজি আনুষ্ঠানিকতা সম্পূৰ্ণ কৰে।

You might also like