নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাৰ শীর্ষত ভাৰত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ নৱেম্বৰঃ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ প্রথমখন টেষ্টত ভাৰতীয় ক্রিকেট দলে অষ্ট্রেলিয়াক ২৯৫ ৰানত পৰাস্ত কৰে৷ এই চমকপ্রদ বিজয়ৰ সুবাদতে টীম ইণ্ডিয়াই পুনৰ এবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীর্ষস্থান দখল কৰে৷ বিগত সময়ত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত ৩খন মেচৰ ঘৰুৱা টেষ্ট শৃংখলাত ভাৰতে পৰাজয়বৰণ কৰাৰ পিছত পইণ্ট তালিকাৰ শীর্ষস্থান হেৰুৱাই দ্বিতীয় স্থানত উপনীত হৈছিল৷ সেই সময়ত ভাৰতক অতিক্রমি অষ্ট্রেলিয়াই তালিকাৰ শীর্ষস্থান দখল কৰিছিল৷ কিন্তু অষ্ট্রেলিয়াই পার্থৰ অ’প্টাছ ষ্টেডিয়ামত খেলা প্রথমখন টেষ্টত জয়লাভ কৰাৰ পিছতে ডব্লিউটিচি পইণ্ট তালিকাৰ শীর্ষস্থান পুনৰুদ্ধাৰ কৰে৷ শীর্ষস্থানত ভাৰতৰ আধিপত্য৷বর্তমান ভাৰতীয় ক্রিকেট দলৰ ১৫খন খেলত আছে মুঠ ১১০ পইণ্ট৷ দলটোৱে খেলা মেচসমূহৰ ভিতৰৰ ৯খনত জয়লাভ কৰাৰ বিপৰীতে ৫খনত পৰাজয়বৰণ কৰিছে৷ তদুপৰি, এখন খেল অমীমাংসিতভাৱে সামৰণি পৰিছে৷ টীম ইণ্ডিয়াৰ পিচিটি হৈছে ৬১.১১, যাৰ বাবে ভাৰতীয় দলটো শীর্ষস্থানত উপনীত হ’বলৈ সক্ষম হয়৷ আনহাতে, অষ্ট্রেলিয়াৰ দলটোৱে ১৩খন খেলৰ ৮খনত জয়, ৪খনত পৰাজয় আৰু এখন অমীমাংসিতভাৱে সামৰণি পৰা মেচৰ সৈতে অর্জন কৰিছে ৯০ পইণ্ট৷ কেংগাৰু বাহিনীৰ বর্তমানৰ পিচিটি হৈছে ৫৭.৬৯, যাৰ বাবে তেওঁলোক আছে তালিকাৰ দ্বিতীয় স্থানত৷ শ্রীলংকাৰ ক্রিকেট দলটো ৬০ পইণ্ট আৰু পিচিটি ৫৫.৫৬ৰ সৈতে তালিকাৰ তৃতীয় স্থানত থকাৰ বিপৰীতে নিউজিলেণ্ড ৭২ পইণ্ট আৰু ৫৪.৫৫ পিচিটিৰ সৈতে চতুর্থ স্থানত আছে৷ দক্ষিণ আফ্রিকা আছে তালিকাৰ ৫ নম্বৰত৷ দলটোৰ আছে ৫২ পইণ্ট আৰু পিচিটি হৈছে ৫৪.১৭৷ তদুপৰি, ইংলেণ্ড ষষ্ঠ আৰু পাকিস্তান তালিকাৰ সপ্তম স্থানত আছে৷

You might also like