আদানি গ্রুপৰ সৈতে বিদ্যুৎ চুক্তি বাতিলৰ সিদ্ধান্ত শ্রীলংকাৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ নৱেম্বৰঃ সৌৰ প্রকল্পৰ ঠিকাৰ বাবে ভাৰতীয় বিষয়াক ২,২৩৭ কোটি টকা উৎকোচ কেলেংকাৰিত মার্কিন আদালতে উদ্যোগপতি গৌতম আদানিৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতে আদানি গ্রুপৰ বিৰুদ্ধে অসন্তুষ্টি বৃদ্ধি পাইছে বিশ্বৰ বিভিন্ন দেশৰ৷ কেনিয়াই গৌতম আদানিৰ কোম্পানী আদানি গ্রুপৰ সৈতে বিদ্যুৎ আৰু বিমানবন্দৰৰ চুক্তি বাতিল কৰাৰ পিছত বাংলাদেশেও একেই সিদ্ধান্ত বিবেচনা কৰিছে৷ ইয়াৰ পিছত দ্বীপ ৰাষ্ট্র শ্রীলংকায়ো আদানি গ্রুপৰ সৈতে থকা বিদ্যুৎ চুক্তি বাতিলৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ শ্রীলংকাৰ নৱগঠিত বাঁওপন্থী চৰকাৰখনৰ বিদ্যুৎ ব’ৰ্ডৰ মুখপাত্র ধনুস্কা পৰাক্রম সিংঘেই প্রকাশ কৰা মতে, শ্রীলংকাৰ পূর্বৰ চৰকাৰখনে আদানি গ্রুপৰ সৈতে কৰা বিদ্যুৎ চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ বিদ্যুৎ চুক্তিৰ উপৰি আদানি গ্রুপৰ সৈতে হোৱা শ্রীলংকাৰ এটা বন্দৰত ঋণ দিয়াৰ যি চুক্তি, সেয়াও বাতিল কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰখনে৷ মন কৰিবলগীয়া যে উৎকোচ কেলেংকাৰিত মার্কিন আদালতে গৌতম আদানিৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰা বিষয়টোৱে ইতিমধ্যে বিশ্বৰ দেশসমূহত য’ত আদানিৰ বিনিয়োগ আছে, তাত প্রতিক্রিয়া আৰম্ভ হৈছে৷