নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ কোটিৰ সলনি ১৮.৯ কোটি পাব পণ্টে

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ নৱেম্বৰঃ চর্চা হৈছিল যে এইবাৰৰ আইপিএলত ঋষভ পণ্টে ৩০ কোটি টকা লাভ কৰিব৷ অৱশ্যে বিশেষজ্ঞই কৰা পূর্বানুমান কিছু পৰিমাণে সত্য প্রতিপন্ন হৈছে৷ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ঋষভ পণ্টক ২৭ কোটি টকাৰ বিনিময়ত নিজৰ দলত চুক্তিবদ্ধ কৰে৷ চর্চা অনুসৰি ঋষভ পণ্টে এহবাৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ অধিনায়কৰ দায়িত্ব চম্ভালিব৷ কিন্তু এতিয়া প্রশ্ন হৈছে ২৭ কোটি টকাৰ লাভ কৰাৰ পিছতো কিমান টকা হাতত পাব ঋষভ পণ্টে? ২৭ কোটি টকা লাভ কৰাৰ পিছতে সম্পূর্ণ ধন লাভ নকৰে ঋষভ পণ্টে৷ ঋষভ পণ্টে ভাৰত চৰকাৰক কৰ হিচাপে ৮.১ কোটি টকা দিব লাগিব৷ আইপিএলৰ দৰমহা হিচাপে ঋষভ পণ্টে ১৮.৯ কোটি টকা লাভ কৰিব৷ আইপিএলৰ সময়ত যদি ঋষভ পণ্ট আঘাতপ্রাপ্ত হয় তেন্তে তেওঁ সম্পূর্ণ ধন পাব কিন্তু তাৰ আগতে যদি আঘাতপ্রাপ্ত হয় আৰু প্রতিযোগিতাখনত খেলিব নোৱাৰে তেন্তে ফ্রেনচাইজীয়ে আন এজন খেলুৱৈক অন্তর্ভুক্ত কৰাৰ অধিকাৰ থাকিব৷

You might also like