নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিপিএললৈ শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ

নিয়মীয়া বার্তা, ১২ মার্চঃ বিটিচি পৰিষদীয় নির্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে ৰাজনৈতিক দল–সংগঠনসমূহে ব্যাপক তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷ এবছুৰ প্রাক্তন সভাপতি প্রমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলৰ এখন যোগদান  সমাৰোহ বুধবাৰে তামুলপুৰৰ কার্যালয়ত অনুষ্ঠিত হয় ৷ এই যোগদান সভাত শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ দীপক ডেকাসহ উন্নয়ন পৰিষদৰ আন বহু সদস্যই ইউপিপিএলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ এই সভাতেই এন ডি এফ বিৰ (প্রগতিশীল) বাগ্সা জিলাৰ কমাণ্ডিং অফিচাৰ মনিল দৈমাৰীসহ ৩০জন সদস্য, তামুলপুৰ জিলা অগপৰ সম্পাদক জয়ন্ত শর্মাসহ কুৰিজন সদস্য আৰু বিপিএফৰ তামুলপুৰ জিলা সমিতিৰ অন্যতম সম্পাদক নগেন নাথে ইউ পি পি এলত যোগদান কৰে ৷

সমাৰোহত ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে যোগদান কৰা বিভিন্ন দল–সংগঠনৰ নেতা–কর্মীসকলক গামোচাৰে আদৰণি জনায় ৷ সভাত প্রমোদ বড়োৱে বর্তমানো বিটিচি প্রশাসনে টকা লৈ ভুৱা নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগতে নির্বাচন আয়োগক ইয়াৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে ৷ ভাষণত তেওঁ কয়– ইউ পি পি এলে বিটিচিত এখন সুস্থ–সবল দুর্নীতিমুক্ত পৰিষদ গঠন কৰিব ৷ আগন্তুক নির্বাচনৰ জৰিয়তে ইউপিপিএল দলে পৰিষদ গঠন কৰিব পাৰিলে অঞ্চলটোৰ বিভিন্ন জাতি–জনগোষ্ঠীৰে পৰিপূর্ণ ৩২ লাখ জনসাধাৰণৰ উন্নয়নত গুৰুত্ব দি যাব ৷ ইউপিপিএলৰ যুৱ নেতা জিতেন মুছাহাৰীয়ে সঞ্চালনা কৰা সভাখনত ইউপিপিএল দলৰ কেইবাজনো নেতাই ভাষণ দিয়ে ৷

সংবাদ মাধ্যমৰ আগত প্রমোদ বড়োৱে কয় যে ইউপিপিএল দলে কিমানখন আসন লাভ কৰিব সেয়া ৰাইজে ভোটদান কৰি সিদ্ধান্ত ল’ব ৷ বড়োৱে অভিযোগ কৰি কয় যে বিটিচি পৰিষদত ইএম, জিএমসকলৰ দাদাগিৰি চলি আহিছিল ৷ ইয়াত গণন্ত্রতৰ ধাৰাবাহিকতা ৰক্ষা হোৱা নাছিল ৷ বিটিচিত সোতৰ বছৰে এখন চৰকাৰে কেইজনমান মানুহক লৈ ইএম, জিএমৰ দ্বাৰা ৩২ লাখ লোকক চলাই আহিছিল ৷ দুই এদিনৰ ভিতৰতে প্রার্থিত্বৰ তালিকা ইউ পি পি এল দলে ঘোষণা কৰিব বুলি সদৰী কৰি তেওঁ কয় যে তালিকা প্রায় সম্পূর্ণ হৈ আছে৷ ইফালে ইউ পি পি এলত যোগদান কৰি শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, অসমৰ অধ্যক্ষ দীপক ডেকাই কয়– বিগত সোতৰ বছৰে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি প্রশাসনে বিটিএডি এলেকাৰ যিধৰণে উন্নয়ন কৰিব লাগিছিল তেনে ধৰণে উন্নয়ন কৰিব নোৱাৰিলে৷ বিটিএডিত বসবাস কৰা প্রতিটো জাতি–জনগোষ্ঠীৰ সম–উন্নয়ন, সম–বিতৰণ আৰু সম–বিকাশ কৰাৰ ক্ষেত্রত বিটিচি প্রশাসন ব্যর্থ হৈছে৷ কিন্তু প্রমোদ বডো নেতৃত্বাধীন ইউ পি পি এল দলে বিটিএডিৰ প্রতিটো জাতি–জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ প্রতিটো জাতি–জনগোষ্ঠীৰ সম–উন্নয়নৰ বাবে কাম কৰিবলৈ সক্ষম হ’ব ৷ এই দলে বিটিচিলৈ আনিব পৰিৱর্তন ৷

You might also like