নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘অসম চুক্তি অসমৰ বাবে এক অভিশাপ’ উন্মোচন

নিয়মীয়া বার্তা, ১২ মার্চঃ পিএলপিৰ নীতি আৰু আদর্শৰ আধাৰত গঠিত জাতীয়তাবাদ পুনৰ নির্মাণ সমিতিৰ উদ্যোগত বুধবাৰে অসম সাহিত্য সভাৰ সভাকক্ষত এক গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয় ৷ এক গাম্ভীর্যপূর্ণ পৰিৱেশত অনুষ্ঠিত এই সভাত জাতীয়তাবাদ পুনৰ নির্মাণ সমিতিয়ে অসম চুক্তিৰ ব্যাখ্যা বিশ্লেষণেৰে প্রস্তুত কৰি উলিওৱা ‘অসম চুক্তি অসমৰ বাবে এক অভিশাপ’ শীর্ষক পুস্তিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ এই পুস্তিকাখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক–সমালোচক লক্ষ্মীনাথ তামুলীয়ে ৷ পুস্তিকাখন উন্মোচন কৰি সাহিত্যিক–সমালোচক লক্ষ্মীনাথ তামুলীয়ে ভাষণ প্রসংগত অসম চুক্তি সন্দর্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ লগতে অসম চুক্তিৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহৰ ওপৰত আলোকপাত কৰি সাৰগর্ভ বক্তৃতা দিয়ে ৷ ৰফিউল হুছেইন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জাতীয়তাবাদ পুনৰ নির্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই ৷ এই সভাখনত মানৱাধিকাৰ সংগ্রাম সমিতিৰ সচিবপ্রধান প্রণৱজ্যোতি চেতিয়া, খিলঞ্জীয়া অধিকাৰ সংগ্রাম সমিতিৰ ৰমেশ মালী, জাতীয়তাবাদী নেতা অনুপ বৰুৱা, গৱেষক আবদাছ আলী মিৰ, মানৱাধিকাৰ কর্মী তিলক মহন, ৰাধমতি গন্ধীয়া বৰা, আব্দুল বাৰেককে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

You might also like