নিয়মীয়া বাৰ্তা, ১২ মার্চঃ এজন দুজন নহয় ৬ জনীয়া পাষণ্ডৰ দলে হত্যা কৰি মঙলদৈৰ ৰামহৰি মুদৈবড়ি কেনেলৰ পাৰৰ হাবিয়নিত পেলাই দিছিল আচফুন খাতুনক ৷ মঙলদৈ চহৰৰ ২নং ৱার্ডৰ ভাৰাঘৰতে আচফুনৰ স্বামী হয়নুদ্দিন মণ্ডলে হত্যা কৰি দেওবাৰে পুৱতি নিশা গাড়ীৰে নি পেলাই দিছিল ৷ পাষণ্ডই নিজ সন্তানকো শিয়াল, কুকুৰৰ হাতত গতাই দি পত্নীৰ মৃতদেহৰ বুকুত সজাই থৈছিল ৷ এইদৰে কৰায়ত্ত কৰাৰ ৬ ঘণ্টা পাছতে বহু শিহৰণকাৰী তথ্য ফাদিল কৰিবলৈ লৈছে হয়নুদ্দিন মণ্ডলে ৷ লক্ষনীয় যে মঙলদৈ ৰামহৰিৰ পার্শ্বৱর্তী মুদৈবড়ি কেনেলৰ পাৰৰ পৰা দুদিন পূর্বে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে মৃত অৱস্থাত আচফুনক উদ্ধাৰ কৰিছিল ৷ ডিঙি চেপি খোদ স্বামীয়ে হত্যা কৰা বোৱাৰীগৰাকীৰ বুকুত আছিল ৩ মহীয়া জীৱিত কেঁচুৱা ৷ নিশাই আচফুনক শীতল মগজুৰে হত্যা কৰি মঙলদৈ ২নং ৱার্ডত থকা স্বামী হয়নুদ্দিনৰ ভাৰাঘৰৰ পৰা সংগীসকলে নি মুদৈবড়ি কেনেলত পেলাই থোৱাৰ সন্ধান পায় আৰক্ষীয়ে আৰু আচফুনৰ স্বামী হয়নুদ্দিনৰ সন্ধানত অভিযান চলাবলৈ লয় ৷
আৰক্ষীয়ে স্বামীক কৰায়ত্ত কৰাৰ পাছতে মঙলদৈ ৰামহৰি অমানৱীয় কাণ্ডৰ তদন্ত ক্রমাৎ আগবাঢ়িছে ৷ আৰক্ষী সূত্রে জানিব পৰা মতে মঙলদৈৰ আদালতত ৩ অভিযুক্ত ক্রমে মৃত আচফুনৰ স্বামী হয়নুদ্দিন মণ্ডল, হয়নুদ্দিনৰ সম্পর্কীয় হাকমত আলী আৰু মৃত আচফুন খাতুনৰ লগত সততে যোগাযোগ কৰি অহা ৰাবিয়া বেগমক হাজিৰ কৰোৱা হয় ৷ আদালতে ৩ অভিযুক্তক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰে ৷ তাৎপর্যপূর্ণ যে হয়নুদ্দিনৰ ঘৰ মঙলদৈ বান্দিয়াত আৰু নাৰীজনিত অপৰাধত দীর্ঘদিনৰে পৰা জড়িত ৷ পূর্বে ৩ পত্নীক মাৰপিট কৰি ঘৰৰ পৰা আঁতৰ কৰা পাষণ্ডই ৪ৰ্থ পত্নীক ডিঙি চেপি হত্যা কৰে ৷ আৰক্ষীয়ে সমগ্র হত্যাকাণ্ডত ৬জনীয়া দল এটা জড়িত থকাৰ সন্ধান পাইছে ৷ ইয়াৰে ৩ টাক কৰায়ত্ত কৰিছে ৷ এতিয়াও ৩টা অভিযুক্ত আত্মগোপন কৰি থকা বুলি প্রকাশ ৷
আৰক্ষীয়ে তেওঁলাকক শীঘ্রে কৰায়ত্ত কৰিবলৈ তৎপৰ হৈ পৰিছে ৷ পিছে আটাইতকৈ গুৰুত্বপূর্ণ এয়ে যে দৰঙৰ আটাইতকৈ শিক্ষিত চৰাঞ্চল বান্দিয়া বা পার্শ্বৱর্তী গাধোৱাত মাত্র এমাহতে দুজনী বোৱাৰীক হত্যা কৰা হৈছে ৷ খোদ স্বামীয়েই হত্যাত জড়িত থকাত সংখ্যালঘু সমাজত নাৰীৰ সুৰক্ষা নোহোৱাৰ প্রমাণ দাঙি ধৰিছে ৷ প্রসংগক্রমে লক্ষণীয় যে ১০ ফেব্রুৱাৰীত হত্যা কৰি ওলোমাই থোৱা অৱস্থাত গাধোৱাত উদ্ধাৰ হৈছিল শ্বৰীফা বেগম নামৰ বোৱাৰী গৰাকী ৷ বিল্লাল হকৰ জীয়ৰী শ্বৰীফাক স্বামী চন্দু মিঞাৰ পুত্র চৰিফুল হকে হত্যা কৰি নিজৰ শোৱা কোঠাতে ওলোমাই থৈ আত্মহত্যাৰ নাটক কৰিছিল ৷ কিন্তু বিল্লালৰ পৰিয়ালে হত্যাৰ গোচৰ দিয়াৰ লগতে ডিঙি চেপি হত্যাৰ সন্দেহ ক্রমে অভিযুক্ত ৪ অপৰাধী আৰক্ষীৰ জালত পৰিছিল৷ স্বাভাৱিকতে নৃশংস হত্যাৰে বান্দিয়াৰ নাম সাঙোৰ খোৱাটো তাৎপর্যপূর্ণ ৷