নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যাত গল্প : মেপ’লৰ ৰং

মেঘালী দত্ত ঠাকুৰীয়া

গছৰ পাতবোৰে বৰণ সলোৱা সময়বোৰ তাইৰ বৰ ভাল লাগে৷ সপোন সপোন যেন লাগে৷ আট’মন ঋতুৰ বৰণ সলোৱা গছে নতুন সাজেৰে সাজি–কাচি, ন–কইনাৰ ৰূপ লয়৷ সৰি পৰা পাতবোৰে চাৰিওফালে ৰঙা, হালধীয়া, নীলা, বেঙুনীয়া দলিচা সজায়৷ ঠিক যেন ন–কইনাৰ ফুলশয্যাৰ নিশা৷ এয়া অনন্য সুন্দৰ ৰূপ প্রকৃতিৰ৷ ব্লেক গাম, এমেৰিকান চুইট গাম, ছুগাৰ মেপ’ল, জাপানিজ মেপ’লৰ ৰঙীন গছে মনবোৰো ৰঙীন কৰি তোলে৷ যেনে ন–কইনাজনী সাজি–কাচি এতিয়া নতুন জীৱন আৰম্ভ কৰিব৷ অনির্বচনীয় এক ৰূপেৰে প্রকৃতিয়ে সাজোন সাজে৷ তাই ভাল পায় মানুহ আৰু প্রকৃতিৰ এৰাব নোৱাৰা সম্ববন্ধ৷

এই সময়ত আমেৰিকাৰে নহয়, বিদেশৰ বিভিন্ন ঠাইবোৰৰ প্রকৃতিৰ অনন্য ৰূপে সকলোকে আকর্ষণ কৰে৷ সলনি হোৱা পাতৰ ৰঙবোৰ সূর্যৰ পোহৰ কমি যোৱা, শীতৰ আগমন আৰু ক্লোৰোফিলৰ ডৎপাদন কমি যোৱা বাবে হয়৷

দেৱাংগনাই সৰু থাকোঁতে বহুদিনলৈ দেখা ৰঙীন ৰঙা, হালধীয়া, বেঙুনীয়া গছবোৰ দেখিলে, তাইৰ সপোন যেন লাগিছিল৷ কৃত্রিম মানে, পেইণ্টিং বা ৰঙীন ফটোবুলিহে ভাবিছিল৷ সেই সময়ত নাছিল মোবাইল, এনড্রয়ড ফোন৷ এনেকুৱা ৰঙীন মনোমোহা গছবোৰ, প্রকৃতিৰ ৰূপ বেছিভাগ কেলেণ্ডাৰবোৰতহে দেখিবলৈ পাহছিল৷ সেয়ে দেৱাংগনাই বহুদিনলৈ এনেকুৱা গছ নাহ বুলিয়ে বিশ্বাস কৰিছিল৷ পিছলৈ জানিছিল, সপোন যেন লগা গছবোৰ প্রকৃতিৰ নতুন সঁচা ৰূপৰ পোহাৰ৷ আট’মনৰ তলভৰি সৰি পৰা মেপ’লৰ ৰঙীন দলিছাবোৰ সঁচাকৈয়ে বিনন্দীয়া৷

সপোনবোৰ দেৱাংগনাৰ ফলিয়াইছিল৷ এদিন বিদেশলৈ গৈ পঢ়িব তাই হেঁপাহবোৰৰ লগে লগে মনত জী উঠিছিল তাইৰ লক্ষ্য৷ আট’মন ঋতুৰ ৰঙীন সৰা পাতৰ দৰে তাই বুটলি লৈছিল সপোনবোৰ৷ ডিব্রুগড় ইউনিভার্ছিটীৰ পৰা এম.এছ.চি পাছ কৰাৰ পাছতে বিদেশত পি.এইচ.ডি কৰাৰ বাবে তাইৰ মনত হেঁপাহ জাগিছিল৷ আঢ়্যৱন্ত পৰিয়ালৰ হোৱা হেতুকে বাধা পোৱাৰ কাৰণো আছিল নগণ্য৷

সপোন দেখিব লাগে, সপোন দেখিলেহে সপোনবোৰ ফলিয়াব৷ সপোনৰ ডেউকা কোবাই উৰিছিল দেবাংগনাই অনন্ত আকাশৰ পিনে ধাৱমান হৈ…৷

‘এমেৰিকান ইউনিভার্ছিটী’ত দেৱাংগনাই পি.এইচ.ডি কৰিবলৈ সুবিধা পাহছিল৷ এইখন ৱাশ্বিংটন ডি.চিত থকা এখন পুৰণি ইউনিভার্ছিটী৷ ষ্টুডেণ্টছ হাউছিং কলনীত আৰম্ভ হয় দেৱাংগনাৰ নতুন জীৱন…৷

ঘৰৰ পৰা বহুযোজন দূৰত সপোন খেদি তাহ আজি সুখী৷ সুখী মাক–দেউতাক৷ ভিন ভিন দেশৰ ছাত্র–ছাত্রীৰ মাজত পঢ়াৰ একাগ্রতা, নিয়মানুৱর্তিতা, কষ্ট কৰিব পৰা ক্ষমতাই আচৰিত কৰিছিল দেৱাংগনাক৷ যেনেকৈ আচৰিত কৰে আট’মন ঋতুৰ সলনি হোৱা প্রকৃতিৰ ৰং আৰু ৰূপে৷

সপোন সপোন লগা এই সময়তে এদিন দেৱাংগনাই লগ পাইছিল আকাশক৷ সপোনবোৰ আৰু ৰঙীন হৈ ডঠিছিল, আট’মনৰ ৰঙা, হালধীয়া, বেঙুনীয়া দলিচাবোৰৰ দৰে৷ কম্পিডটাৰ ইঞ্জিনীয়াৰ আকাশ ইমানেই সহজ–সৰল যে তাই কিছুদিনৰ ভিতৰতে তাক মনৰ মানুহ বুলি ভাবিবলৈ লৈছিল৷ দুয়ো আট’মনৰ সৌন্দর্যত সজাহছিল সপোনবোৰ৷ পঢ়াৰ ব্যস্ততা, কাম সকলো লাহে লাহে সহজ হৈ পৰিল৷ সহজ হৈ পৰিল পৰিৱেশবোৰ৷

ঋতু আহে, ঋতু যায়, সময়ো গৈ থাকে পাখি লগা কাঁড়ৰ দৰে৷ সময়ে কৈ যায়, দি যায় আশা আৰু ভৰসা৷

পঢ়াত যথেষ্ট কষ্ট কৰিছে দেবাংগনাই৷ সহায় কৰি দিছে আকাশেও…৷ চাৰিটা বছৰ কেনেকৈ গ’ল তাহ গমেইহ নাপালে৷ ঘৰত সকলো কথা কোৱাৰ পিছত আকাশ সকলোৰে প্রিয়পাত্র হৈ উঠিছে৷ সি যে তেনেকুৱাই, আকাশৰ দৰে উদাৰ মনৰ৷

ক্রিৰিং–––ক্রিৰিং ফোনটো ৰিং হোৱাত লৰালৰিকৈ বিছনাৰ পৰা উঠি তাই ফোনটো ৰিচিভ কৰিলে…

‘কি কৰি আছিলা মাজনী’
‘এতিয়া উঠিছোহে তোমালোকৰ ভাল নে….’
‘আকাশৰ ভাল নে? বৰ মৰম লগ ল’ৰা অ’….’

মাকৰ কথা শুনি তাহৰ হাঁহি এটি সৰকি গ’ল৷ অলপ কথা পাতি ফোনটো থ’লে৷ আকাশৰ খবৰ নোসোধাকৈ,

যেন মাকৰ ফোন কৰাৰ ডদ্দেশ্য সফল নহয়৷ সি যে তেনেকুৱাই৷ ঘৰৰ সকলোৰে সি যেন মন মুহি নিছে৷

ঘৰৰ পৰা মাকে সপ্তাহত দুদিন ফোন কৰে৷ অলপ সময় পিছতে দেৱাংগনাই ইউনিভার্ছিটীলৈ ওলাই গ’ল…৷

‘Season of mists and moellow fruitfulness,

close bosom friend of the maturing sun;

Conspiring with him how to load and bless

with fruit the vines that around the thatch

even sun…..

The red breast whistless from a garden Croft;

And gathering swallows Twitter in the skies;

আকাশৰ সুন্দৰ কণ্ঠত প্রাণ পাই উঠে জন কিটচৰ অনন্য সুন্দৰ কবিতা৷ কিটচৰ কবিতাৰ প্রেমিক আকাশ…৷বৰ সুন্দৰ কণ্ঠেৰে কৰা আবৃত্তিবোৰ শুনি তাই ভোল যায়৷ যেন এটি বিহংগৰ মুক্ত আকাশত অবাধ বিচৰণ৷ মনৰ ভাবনাৰ সাগৰত ডুবি ৰয় আশা আৰু হেঁপাহৰ সময়বোৰ৷
দেৱাংগনা–আকাশৰ সপোনে প্রেমৰ মঞ্জিল সাজিছে আট’মনৰ ৰঙা দলিছাত৷ দুটি মনৰ এক অপূর্ণ আশা আৰু লক্ষ্য..৷ জ্ঞানৰ পোহৰে এন্ধাৰ নাশি ওলাব হেজাৰ বাধা নেওচি৷ মনৰ হেঁপাহ আৰু আকাংক্ষাই জীপাল কৰি ৰাখিছে সিহঁতৰ মন৷ ঘণ্টাৰ হিচাপত কাম কৰা আকাশে কাম কমাই দি দেৱাংগনাক সহায় কৰিছে৷ দুয়ো খেপিয়াই খেপিয়াই বিচাৰি ফুৰে সুখৰ মাদকতা৷ সুখবোৰ বিশ্বাসতে গঢ়ি উঠে৷ আকাশৰ প্রতিটো নিশ্বাসে দেৱাংগনাক দিয়ে বিশ্বাস আৰু ভৰসা৷ সঁচা প্রেমৰ নামেই বিশ্বাস৷

প্রেম মানে এক সুখৰ অনুভূতি আৰু জীয়া সপোন৷ দুয়োৰে হৃদয়জুৰি আছে সপোনৰ ৰহঘৰা৷ সপোন ফলিয়াবলৈও লাগে বহুতো কষ্ট আৰু ত্যাগ৷ য’ত সাহস হৈ থিয় দিছে এজনে আনজনৰ ওচৰত৷ দেবাংগনা আৰু আকাশে…৷

সময়ৰ ঢৌৱে ওচৰ চপাই আনিছে সপোনবোৰ৷ সেয়ে ফাইনেল পৰীক্ষা দি দেৱাংগনা আৰু আকাশ ঘৰলৈ যাবলৈ ওলাইছে৷ মনত উৎকণ্ঠা আৰু পূর্ণতা প্রাপ্তিৰ আনন্দ৷ দুয়োখন ঘৰত আনন্দমুখৰ পৰিৱেশ৷ দুয়োজনে বান্ধ খাব একেডাল সূতাৰ এনাজৰীৰে৷ ফুলিব আশাৰ কুসুম৷ আট’মনৰ ৰঙীন প্রকৃতিৰ দৰে ৰঙীন হৈ ডঠিব জীৱন৷ য’ত আছে পূর্ণতাৰ হাবিয়াস আৰু আনন্দ৷ আছে ঘৰলৈ অহাৰ দুর্বাৰ আর্কষণ৷

জাক পাতি উৰিব শৰালিৰ জাক৷ বেদ মন্ত্রৰ ধ্বনিৰে মুখৰিত হ’ব চৌপাশ৷

ৱাশ্বিংটন নেচনেল এয়াৰপোর্টৰ প্লেনত বহি দুয়োৰে মুখত মাত নাহ৷ স্বদেশলৈ অহাৰ আনন্দ দূৰৈত থকা জনেহে বুজি পায় আট’মনৰ ৰঙীন সপোন লৈ উৰা মাৰিলে দেৱাংগনা আৰু আকাশে..৷… আকাশৰ ডাৱৰ ফালি…৷

ঘৰত হুলস্থূলীয়া পৰিৱেশ৷ ইমান দিনৰ মূৰত দুয়ো ঘৰলৈ আহিছে, হোৱাতো স্বাভাৱিক৷ তাতে আকৌ বিয়া৷ চকলং আৰু বৈদিক নিয়মেৰে চলিছে বিয়াৰ নানা অনুষ্ঠান৷ উজনি–নামনিৰ মিলনত একতাৰ ডোলেৰে বান্ধ খাইছে সকলো৷ সঁচাকৈয়ে, এনেকুৱা দিন এবাৰেই আহে, হেঁপাহৰ আৰু সপোনৰ৷

জীৱনৰ সপোনবোৰ এনেকৈয়ে
ফলিয়ালে আকাশ আৰু দেৱাংগনাৰ৷

নভৱাকৈয়ে মানুহে কেতিয়াবা পায়, সপোনৰ এমুঠি জোনাক৷ যি জোনাকে পোহৰাই ৰাখে জীৱন…৷

কৰণ আৰু পাহিৰ জন্মৰ পিছতে তাহৰ ব্যস্ততা বাঢ়িছিল৷ সময়বোৰ কেনেকৈ পাৰ হৈ গ’ল তাহ গমেই নাপালে৷ আকাশৰ সিদ্ধান্ততে সিহঁতে আমেৰিকাৰ নাগৰিকত্ব লৈছিল৷ বুকুৰ উমেৰে সিহঁতৰ সংসাৰ আনন্দেৰে ভৰি উঠিছিল…৷

আজি ষাঠিটা বসন্ত পাৰ হৈ জ’নছ হপকিনছ হাস্পতালৰ কেবিনত শুই শুই দেবাংগনাই আজি মেপ’লৰ ৰঙীন পাতৰ দৰে স্মৃতিবোৰ মনত পেলাহছে৷ সকলো এতিয়াও সজীৱ হৈ আছে, জীয়া এটি সপোন হৈ…৷

কৰণ, পাহি আৰু আকাশে আহি তাইৰ স’তে পাৰ কৰিছে এটি সন্ধিয়া৷

চকুমুদি বিছনাত শুই থকা দেবাংগনাই আকাশৰ কোমল হাতৰ স্পর্শত তালৈ চকু মেলি চালে…৷ তাই মাথোঁ হাঁহিলে৷ বগা হৈ পৰা চুলিৰে আকাশ এতিয়াও সুন্দৰ–সুঠাম হৈ আছে…৷

ফোনঃ ৪৭২০৯০২৫০৩

You might also like