নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যাত : ৰে চি পি

পম্পী শর্মা খাউণ্ড

চুইট কর্ণ চাট

উপকৰণ
কর্ণ– ১ বাটি (বয়ল কৰি লোৱা)
বিলাহী– ১টা (মিহিকৈ কাটি লোৱা)
পিঁয়াজ– ১টা (মিহিকৈ কাটি লোৱা)
কেঁচা জলকীয়া– ১/২টা (মিহিকৈ কাটি লোৱা)
ধনিয়া পাত– ১ মুঠি (মিহিকৈ কাটি লোৱা)
নেমু ৰস– ২/৩ চামুচ
বাটাৰ– ১ চামুচ
জলকীয়া গুড়ি– ১ চামুচ
চাট মচলা– ১ চামুচ
ৰ’ক চল্ট/ক’লা নিমখ– জোখ অনুপাতে৷

প্রণালী
প্রথমে কর্ণখিনি এটা চচপেনত পানী উতলাই ১০ মিনিটমান সময় বয়ল কৰি টুকি ল’ব৷ পানী নথকাকৈ৷ এতিয়া এটা বাউলত বয়ল কর্ণখিনি ল’ব৷ লগত কাটি লোৱা পিঁয়াজ, বিলাহী, ধনিয়া পাত, কেঁচা জলকীয়া, নিমখ, জলকীয়া গুড়ি, চাট মচলা, নেমুৰস আৰু বাটাৰ এই সকলোবোৰ বস্তু ভালদৰে মিহলাই সানি লৈ পৰিৱেশন কৰক৷ এই চুহট কর্ণ চাটবিধ খাবলৈও টেষ্ট আৰু হেল্ডী হয়৷

পানী পুৰি

উপকৰণ
চুজি– ১ কাপ
ময়দা– আধা কাপ
নিমখ– জোখ অনুপাতে
ছ’ডা–একচিকুট
ৰিফাইন তেল– ৩/৪ চামুচ

প্রণালী
প্রথমে এটা বাউলত চুজি আৰু ময়দাখিনি ল’ব৷ লগত জোখ অনুপাতে নিমখ, ছ’ডা, ৰিফাইন তেল দি লগত কুহুমীয়া পানী দি ভালদৰে মঠি লৈ ২০/২৫ মিনিটমান সময় ঢাকি থ’ব৷ এতিয়া মঠি লোৱা মদয়া আৰু চুজিৰ মিশ্রণটো ২০/২৫ মিনিট পিছত আকৌ এবাৰ মঠি লৈ ডাঙৰকৈ বেলি ল’ব এতিয়া সৰু গিলাচ৷ টেমাৰ ঢাকনৰ সহায়ত সৰুকৈ কাটি লৈ সৰু ফুচকাৰ দৰে কৰি ল’ব৷ এতিয়া কেৰাহীত তেল গৰম কৰি ফুচকাখিনি ভাজি ল’ব৷

আ লু পি টি কা

প্রণালী

আলু আৰু বুট–বয়ল কৰি ল’ব। নিমখ, ক’লা নিমখ, চাট মচলা, জিৰা গুড়ি, জলকীয়া গুড়ি জোখ অনুপাতে ল’ব৷ কেঁচা ধনিয়া পাত, পিঁয়াজ, কেঁচা জলকীয়া মিহিকৈ কাটি ল’ব৷ এতিয়া এটা বাউলত বয়ল কৰি লোৱা আলু, বুট ল’ব৷ লগত মিহিকৈ কাটি লোৱা পিঁয়াজ, কেঁচা জলকীয়া, কেঁচা ধনিয়া পাত ল’ব আৰু জোখ অনুপাতে নিমখ, ক’লা নিমখ, জৰিা গুড়ি, জলকীয়া গুড়ি, চাট মচলা এই সকলোবোৰ বস্তু মিলাই ভালদৰে সানি পিটিকা তৈয়াৰ কৰি ল’ব৷ এতিয়া ফুচকাৰ মাজত আলু পিটিকা সুমুৱাই লগত তেঁতেলিৰ টেঙা পানী দি সুন্দৰকৈ পৰিৱেশন কৰক৷ এইদৰে ঘৰতে অতি কম সময়তে ফুচকা বনাই খাওক৷

টেঙা জ্বলা পানী

উপকৰণ

পুদিনা– ১ মুঠি, ধনিয়া পাত– ১ মুঠি, কেঁচা জলকীয়া–১/২টা, তেঁতেলি–২/৩ চামুচ, জিৰা গুড়ি–২/৩ চামুচ, ক’লা নিমখ– ১ চামুচ, চাট মচলা–১/২ চামুচ, বগা নিমখ– জোখ অনুপাতে

প্রণালী

প্রথমে তেঁতেলিখিনি এটা বাটিত পানী দি তিয়াই থৈ গুটি গুচাই টুকি ল’ব৷ এতিয়া এটা মিক্সিৰ জাৰত ধনিয়া পাত, পুদিনা, জলকীয়া, তেঁতেলিৰ পানী, নিমখ, এই সকলোবোৰ বস্তু মিহিকৈ পেষ্ট কৰি লৈ এখন ষ্টীলৰ চাকনিৰে চাকি ল’ব৷ এতিয়া চাকি লোৱা টেঙা পানীখিনিত জিৰা গুড়ি, চাট মচলা,বগা নিমখ এই সকলোবোৰ বস্তু দি ভালদৰে ঘুটি টেঙা পানীখিনি তৈয়াৰ কৰি ল’ব৷

You might also like