গুৱাহাটী ষ্টেচনত হেৰ’ইন–গাঞ্জাসহ এজনক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা বুধবাৰে চৰকাৰী ৰে’ল আৰক্ষীয়ে বুজন পৰিমাণৰ ড্রাগছৰ লগতে প্রায় ১১ কিলোগ্রাম গাঞ্জা জব্দ কৰে৷ তদুপৰি আৰক্ষীয়ে মণিপুৰৰ পৰা অহা এজন ড্রাগছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগছ সৰবৰাহকাৰীজন আব্দুল মজিদ আৰু আৰক্ষীয়ে তেওঁৰ পৰা প্রায় ৭৫ গ্রাম হেৰ’ইন জব্দ কৰে৷ চৰকাৰী ৰে’ল আৰক্ষীৰ এক সূত্রই সদৰী কৰা মতে বুধবাৰে পুৱা প্রায় ৭.৪০ বজাত নামনিমুৱা কামৰূপ এক্সপ্রেছখন উপস্থিত হয়৷ আৰক্ষীয়ে কামৰূপ এক্সপ্রেছত তালাচী চলাই জেনেৰেল দবাৰ পৰা মজিদ নামৰ ড্রাগছ সৰবৰাহকাৰীজনক গ্রেপ্তাৰ কৰাৰ লগতে হেৰ’ইনখিনি জব্দ কৰে৷ ধৃত সৰবৰাহকাৰীজনে হেৰ’ইনখিনি মণিপুৰৰ পৰা বাংগালুৰুলৈ নিয়াৰ পৰিকল্পনা কৰিছিল৷ ইপিনে, বুধবাৰে পুৱা আৰক্ষীয়ে নামনিমুৱা ৰাজধানী এক্সপ্রেছৰ পৰা অভিযান চলাই ৫নং দবাৰ পৰা প্রায় ১১ কিলোগ্রাম গাঞ্জা জব্দ কৰে৷ অৱশ্যে গাঞ্জাখিনিৰ লগত আৰক্ষীয়ে কোনো লোকক গ্রেপ্তাৰ কৰিব পৰা নাই৷