নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূর্বৰ কালিমা মচি ন–দিগন্তৰ দিশে নতুন দাংগা

গঁড় নিধনৰ বাবে চর্চিত কলিয়াবৰৰ গাঁওখনত এতিয়া বলিছে পৰিৱর্তনৰ বতাহ

নিয়মীয়া বার্তা, ১২ মার্চঃ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ নতুন দাংগা এখন কার্বি জনগোষ্ঠী বসতিপূর্ণ গাঁও ৷ প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ গাঁওখনলৈ প্রতি বছৰে আহে পর্যটক ৷ কলিয়াবৰৰ জখলাবন্ধাৰ পৰা পাঁচ কিলোমিটাৰ পূবত আৰু ৩৭ নম্বৰ ৰাষ্ট্রীয় ঘাইপথৰ পৰা পাঁচশ মিটাৰ উত্তৰে অৱস্থিত গাঁওখন ৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সমীপত অৱস্থিত গাঁওখনক লৈ এসময়ত কেতবোৰ বিশেষ কথাৰ চিন্তাচর্চা হৈছিল৷ গাঁওখনত আশ্রয় লৈ একাংশ দুষৃকতিকাৰীয়ে কাজিৰঙাত গঁড হত্যা কৰিছিল বুলি একাংশই সন্দেহ প্রকাশ কৰিছিল ৷ আনকি প্রশাসনেও গাঁওখনক তীক্ষ্ণ নজৰত ৰাখিছিল৷ সাধাৰণভাৱে জীৱন নির্বাহ কৰা এই গাঁওখনৰ ৰাইজক লৈ কলিয়াবৰ মহকুমা প্রশাসন, কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষ আৰু ডব্লিউ ডব্লিউ এফৰ সহযোগত কেতবোৰ পৰিকল্পনা গ্রহণ কৰিছে ৷ সেই অনুসৰি, গাঁওখনৰ লোকসকলক লৈ চ’ৰাণ–এহেম নামৰ কার্বি জনগোষ্ঠীৰ থলুৱা খাদ্যৰ ৰেষুটৰেণ্ট মুকলি কৰা হৈছে৷ পাহাৰৰ টিলাত মুকলি আকাশৰ তলত আৰু প্রাকৃতিক পৰিৱেশত স্থাপন কৰা ৰেষুটৰেণ্টখনে এতিয়া সকলোৰে আকর্ষণৰ কেন্দ্রবিন্দু৷ কেইদিনমানৰ পূর্বে ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেনে ৰেষ্টুৰেণ্টখনত কার্বি জনগোষ্ঠীৰ থলুৱা খাদ্যৰ জুতি লৈ আপ্লুত হৈ পৰিছিল ৷ মঙলবাৰে এই চ’ৰাণ এহেমলৈ ডিফুৰ সাংসদ হৰেন বে’ আৰু কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে কার্যবাহী সদস্য প্রদীপ ৰংপী, লুনসিং টেৰণ, অমৰ সিং টিচ্ছ’, জগতসিং ইংতি, দুৱাৰ বাগৰি সমষ্টিৰ সদস্য ৰিচার্ড টকবি, সচিব নিৰলা ফাংচ’পী আদি উপস্থিত হয়৷ তেওঁলোকক সংগ দিয়ে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগে৷ দলটোৱে গাঁওবাসীৰ লগত মত বিনিময় কৰাৰ লগতে ৰেষুটৰেণ্টখনত আহাৰ গ্রহণ কৰে৷ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত অহা দলটোৱে গাঁওখনৰ সন্মুখৰ চ’ৰাণ এহেম আৰু ৰংকেৰ মৈদানৰ চাৰিসীমাত দুখন বেৰ আৰু গাঁওখনৰ পদূলিত থলুৱা সংস্কৃতিৰ পৰস থকা এখন তোৰণ নির্মাণ কৰি দিয়াৰ প্রতিশ্রুতি প্রদান কৰে৷ প্রতিনিধি দলটোৰ এনে আশ্বাসে গাঁওবাসীক উৎফুল্ল কৰি তুলিছে৷ গাঁওখনত বাস কৰা ৭০ঘৰ লোকে এতিয়া নতুন চিন্তাৰে গাঁওখনৰ উন্নয়নৰ কামত জড়িত হৈ পৰাটো অতি সুখবৰ হিচাপে চিহ্ণিত হৈছে ৷

You might also like