নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহ অনুষ্ঠানত অংশগ্রহণ কৰি গ্রেপ্তাৰ ৪০

🔹 সুৰাৰ ৰাগিত ‘নাগিন’ নৃত্য কৰাৰ পৰিণাম

নিউজ ডেস্ক, ২ ডিচেম্বৰ : বিহাৰৰ এক বিবাহ অনুষ্ঠানত সুৰাপান কৰি গ্রেপ্তাৰ হ’ল ৪০জন৷  এই ঘটনাটো সংঘটিত হৈছে বিহাৰৰ মুজফফৰপুৰ অঞ্চলত৷ ধৃত আটাইকেইজনেই বিবাহ যাত্রী৷ সাধাৰণ পোছাকেৰে অহা শুল্ক বিভাগৰ বিষয়াৰ দলে এই লোকসকলক গ্রেপ্তাৰ কৰে৷ বিবাহ অনুষ্ঠানত ‘নাগিন’ নৃত্যত অংশগ্রহণ কৰিছিল সুৰামত্ত এই লোকসকলে৷ স্মর্তব্য যে সুৰা নিষিদ্ধ বিহাৰত সঘনে এনেদৰে সুৰাপান কৰি গ্রেপ্তাৰ হ’বলগীয়া হৈছে বহু লোক৷ ২০১৬ চনত বিহাৰত সুৰা নিষিদ্ধ কৰা হয়! কিন্তু ইয়াৰ পিছতো বিষাক্ত সুৰাপান কৰি বিহাৰত বহু লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ শেহতীয়াকৈ প্রশাসনে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে৷

You might also like