যৌনকর্মীয়ে লাভ কৰিব মাতৃত্বকালীন ছুটী-পেন্সন
🔹 বিশ্বৰ প্রথম দেশ হিচাপে প্রণয়ন কৰিলে আইন
নিউজ ডেস্ক, ২ ডিচেম্বৰ : এতিয়াৰ পৰা যৌনকর্মীসকলে পাব পেন্সন, মাতৃত্বকালীন ছুটী আৰু সামাজিক সুৰক্ষাৰ বিভিন্ন সুযোগ৷ তেওঁলোকৰ দীর্ঘদিনীয়া দাবীক স্বীকৃতি প্রদান কৰি আইন প্রণয়ন কৰিছে ইউৰোপীয় দেশ বেলজিয়ামে৷ বিশ্বৰ প্রথম দেশ হিচাপে বেলজিয়াম এইক্ষেত্রত চিহ্ণিত হৈছে৷ অর্থাৎ বেলজিয়ামে যৌনকর্মীসকলক বিভিন্ন সামাজিক সুবিধা প্রদান কৰিবলৈ যি আইন প্রণয়ন কৰিছে, সেয়া ‘ঐতিহাসিক’৷ বেলজিয়াম চৰকাৰে দাবী কৰা অনুসৰি এই পদক্ষেপ গ্রহণৰ ফলত অন্য কর্মক্ষেত্রৰ দৰে যৌনকর্মীসকলো সামাজিকভাৱে সুৰক্ষিত হৈ থাকিব৷ কর্মক্ষেত্রত যৌনকর্মীসকল এতিয়াৰে পৰা বঞ্চনাৰ চিকাৰ হ’ব নালাগিব বুলিও চৰকাৰৰ এক সূত্রই দাবী কৰিছে৷ বেলজিয়ামত যৌনকর্মীসকলৰ বাবে যি আইন প্রণয়ন কৰা হৈছে, তাত উল্লেখ কৰা হৈছে যে প্রত্যেকৰেই কামৰ অধিকাৰ অক্ষুণ্ণ থকা উচিত৷ কর্মক্ষেত্রত বঞ্চনা দূৰ কৰিবলৈ নতুন আইনৰ অধীনত যৌনকর্মীসকলক দিয়া হ’ব কর্মসংস্থানৰ প্রমাণ–পত্র৷ এই প্রমাণ–পত্র দেখুৱাই তেওঁলোকে স্বাস্থ্য বীমা, কর্মক্ষেত্রত নিৰাপত্তা আৰু আইনী সুৰক্ষা লাভ কৰিব৷ এয়াই শেষ নহয়, নতুন আইনত যৌনকর্মীসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ ‘পেনিক বাটন’ৰ দৰে সুবিধা অনা হৈছে৷ কামত অস্বস্তি বোধ কৰিলে নির্দিষ্ট বুটাম টিপি সাহায্য বিচাৰিব পাৰিব যৌনকর্মীসকলে৷ গ্রাহকক অসন্তুষ্টি থাকিলে অস্বীকাৰ কৰাৰ অধিকাৰ থাকিব যৌনকর্মীসকলৰ৷ বিশ্বৰ প্রাচীনতম জীৱিকা হৈছে পতিতা বৃত্তি৷ এটা সময়ত সমাজৰ অন্যতম স্তম্ভ আছিল যৌনকর্মীসকল৷ এইবাৰ আধুনিক বিশ্বত বেলজিয়ামে যৌনকর্মীসকলক আইনৰ জৰিয়তে প্রদান কৰিলে অধিকাৰ তথা সুবিধা৷