২০৩৬লৈ ৰাছিয়াৰ ৰাষ্ট্রপতিৰ দায়িত্বত থকাৰ মন ভ্লাডিমিৰ পুটিনৰ
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে চিৰজীৱনৰ বাবে ৰাষ্ট্রপতিৰ পদ নিজৰ দখললৈ নিয়াৰ প্রচেষ্টা চলাইছে ৷ ২০২৪ত কার্যকালৰ অন্ত পৰাৰ পাছত পুনৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ ইংগিত দিছে পুটিনে৷ কালি এই বিষয়টো সন্দর্ভত মন্তব্য আগবঢ়াই পুটিনে উল্লেখ কৰিছে যে সাংবিধানিক আদালতে এইক্ষেত্রত পথ মুকলি কৰিব লাগিব৷ লক্ষণীয়ভাৱে এগৰাকী সাংসদে ৰাষ্ট্রপতিৰ কার্যকালৰ সীমা থাকিব নালাগে বুলি প্রস্তাৱ কৰাৰ পাছতেই ৬৭ বছৰীয়া পুটিনে ২০৩৬লৈ দেশখনৰ মুৰব্বী হৈ থকাৰ ইংগিত দিছে৷ অৱশ্যে ইয়াৰ বাবে পুটিনে পুনৰ দুটাকৈ ৬ বছৰীয়া কার্যকালৰ বাবে নির্বাচিত হ’ব লাগিব৷ পূর্বৰ ছোভিয়েটৰ কেজিবি বিষয়া পুটিনে ২০ বছৰ ধৰি ৰাছিয়াক শাসন কৰি আছে৷ ২০০৮ৰ পৰা২০১২ চনলৈ ৰাছিয়াৰ প্রধানমন্ত্রীৰ দায়িত্ব পালন কৰি পৰৱর্তী সময়ত ৰাষ্ট্রপতিৰ দায়িত্ব লাভ কৰিছে নেতাগৰাকীয়ে৷ উল্লেখনীয় যে এই চাৰি বছৰৰ বাবে পুটিনৰ ঘনিষ্ঠ সহযোগী মেডভেডেভে দেশখনত ৰাষ্ট্রপতিৰ দায়িত্ব পালন কৰিছিল৷ স্মর্তব্য যে আগন্তুক ২২ এপ্রিলত ৰাছিয়াই সংবিধান সলনিৰ বাবে গণভোট অনুষ্ঠিত কৰিব৷ মঙলবাৰে পুটিনৰ বক্তব্য টেলিভিছনযোগে আগবঢ়ায় মহাকাশলৈ যোৱা প্রথম মহিলা ভেলেণ্টিনা টেৰেক্ষ’ভাই ৷