নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘চিকেন মেলা’ত কঁঠালৰ ব্যঞ্জনৰ তৃপ্তি

নিয়মীয়া বাৰ্তা, ১২ মার্চঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে এতিয়া মাংসৰ বজাৰলৈ আহি পৰিছে মন্দাৱস্থা ৷ শেহতীয়াকৈ উত্তৰ প্রদেশৰ গোৰখপুৰত আয়োজন কৰা হৈছিল ‘চিকেন মেলা’ ৷ কিন্তু এই মেলাত মুর্গী তথা ছাগলীৰ মাংসৰ বিক্রী অভাৱনীয়ভাৱে হ্রাস পাইছে ৷ ইয়াৰ বিপৰীতে বৃদ্ধি পাইছে কঁঠালৰ বিক্রী ৷ কেঁচা কঁঠালৰ তৰকাৰী অতি জনপ্রিয় হৈছে ৷ আনকি ছাগলীৰ মাংসৰ বিপৰীতে কঁঠালেৰে বনোৱা বিৰিয়ানী ভক্ষণ কৰিছে জনসাধাৰণে ৷ গতিকে কঁঠালৰ প্রতি কিলোগ্রামত দাম হৈছে ১২০ টকা ৷ ৫০ টকা কিলোগ্রামৰ কঁঠাল এতিয়া ১২০ টকাত ক্রয় কৰিছে গ্রাহকে ৷ কিন্তু মুর্গীৰ মূল্য প্রতি কিলোগ্রামত অৱনমিত হৈছে ৮০ টকালৈকে৷ স্মর্তব্য যে সমগ্র দেশতে কঁঠালৰ পৰা প্রস্তুত কৰা বিভিন্ন প্রকাৰৰ ব্যঞ্জন অতি জনপ্রিয় ৷ দক্ষিণ ভাৰতত কঁঠালৰ ব্যঞ্জনৰ আছে বিশেষ চাহিদা ৷ গোৰখপুৰৰ ‘চিকেন মেলা’ত কঁঠালেৰে প্রস্তুত কৰা বিৰিয়ানীয়েহে গ্রাহকসকলক তৃপ্তি দিয়া পৰিলক্ষিত হৈছে ৷ ইফালে, ছাগলীৰ মাংসৰ মূল্যও অভাৱনীয়ভাৱে হ্রাস পাইছে বিভিন্ন স্থানত ৷ ক’ৰোনাৰ সংক্রমণত মুর্গী আৰু ছাগলীৰ বিশেষ ভূমিকা থকা বুলি দেশৰ বিভিন্ন স্থানত সৃষ্টি হৈছে আতংক ৷

You might also like