টকিঅ’লৈ জেভলিন থ্র’ৱাৰ শিৱপাল সিং
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ ভাৰতৰ দ্বিতীয়গৰাকী জেভলিন থ্র’ৱাৰ হিচাপে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিলে শিৱপাল সিঙে ৷ দক্ষিণ আফ্রিকাৰ প’টছেফষ্ট্রুমত চলি থকা এ চি এন ডব্লিউ মিটত ২৪ বছৰীয়া শিৱপালে ৮৫ মিটাৰ দলিয়াই টকিঅ’ অলিম্পিকলৈ টিকট কাটে ৷ ইভেণ্টটোৰ পঞ্চমটো প্রচেষ্টাত ভাৰতীয় জেভলিন থ্র’ৱাৰগৰাকীয়ে ৮৫.৪৭ মিটাৰ দলিয়াই বিশ্ব ক্রীড়াৰ সর্ববৃহৎ প্রতিযোগিতাখনত খেলাৰ সৌভাগ্য অর্জন কৰে ৷ শিৱপালৰ উপৰি আকাশদীপ সিঙে ভাগ লৈছিল যদিও তেওঁ ৭৫ মিটাৰহে দলিয়াবলৈ সক্ষম হয় ৷ উল্লেখ্য যে শিৱপাল সিঙৰ পূর্বে টকি’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা ভাৰতৰ আনগৰাকী জেভলিন থ্র’ৱাৰ হ’ল নিৰজ চোপ্রা ৷