নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : নীৰৱ পৰিৱেশ সুৰক্ষা কর্মী হাড়গিলা

মুকুল শৰ্মা

জাবৰৰ দ’মৰ মাাজত এজন নীৰৱ পৰিৱেশ সুৰক্ষা সৈনিকৰ দৰে খোজকাঢি ঘূৰি ফুৰি মৃত জীৱ–জন্তু ভক্ষণ কৰি আমাৰ প্রাকৃতিক পৰিৱেশ সুৰক্ষাৰ বাবে চাফাই কর্মী হিচাপে হাড়গিলাই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আহিছে৷

হাড়গিলা Greater Adjutant) বগলী জাতীয় চৰাই পৰিয়ালৰ Ciconiidae)৷ বৰটোকোলা Lesser Adiutant) হাড়গিলাৰ দৰে দেখিবলৈ একেই যদিও হাড়গিলাৰ ডিঙিত থকা মোনাটো বৰটোকোলাৰ নাই৷ হাড়গিলা বৰটোকোলাতকৈ কিছু ডাঙৰ৷ হাড়গিলাৰ ডিঙিত নোমবিহীন ছালৰ ৰঙচুৱা প্রায় এক ফুটমান দীঘল এটা মোনা থাকে৷ বায়ু সেৱন কৰা সময়ত মোনাটো ফুলি উঠে৷ মোনাটোত খাদ্যবস্তু ভৰাই ৰাখে বুলি ভবা হয় যদিও মোনাটো খাদ্য নলীৰ লগত সংলগ্ন হৈ নাথাকে, শ্বাসনলীৰ লগতহে থাকে৷

হাড়গিলাৰ গাৰ ৰং ক’লা, মটীয়া আৰু বগাৰ সংমিশ্রণ৷ ঠোঁটটো চাৰিসিৰীয়া জোঙা, ডাঙৰ আৰু হালধীয়া ৰঙৰ হোৱাৰ লগতে কেইডালমানহে নোম থাকে৷ হাড়গিলাৰ শব্দ কৰিব পৰা মাংসপেশী নথকাৰ বাবে ঠোঁটেৰে শব্দ কৰে৷ হাড়গিলাই অকলশৰে বা কেইটামান একেলগে বাস কৰে৷ কম পানী থকা জলাশয়, নদীৰ পাৰত, পথাৰ, জাবৰৰ দ’মৰ মাজত খাদ্যৰ সন্ধানত ঘূৰি ফুৰা দেখা যায়৷ মাছ, ভেকুলী, সাপ, পানীতবাস কৰা সৰু সৰু প্রাণী খায়৷ লেতেৰা জাবৰৰ দ’মত পৰি থকা মৃত জীৱ–জন্তু ভক্ষণ কৰে৷ চৰাইটো গধুৰ হোৱাৰ বাবে কেইখোজমান দৌৰি গৈহে উৰিব পাৰে৷ পাখি দুখন কোবাই উৰি যাওঁতে ডাঙৰ শব্দ হয়৷ ফৰকাল বতৰত আকাশৰ বহু ওপৰত ঘূৰণিয়াকৈ উৰি থকা দেখা যায়৷ মাজে মাজে হাড়গিলাই মূৰটো কোচাই, ঠেং দুখন সন্মুখৰ ফালে ভাঁজ কৰি তিনিমূৰীয়া বুঢ়া–বুঢীৰ দৰে বহি থাকে৷

শীতকালত কেইবাটাও হাড়গিলা গোট খাই খাদ্যৰ সন্ধান কৰাৰ লগতে ওখ গছৰ ওপৰত ডাল–পাত গোটাই ডাঙৰকৈ বাহ সাজে৷ বগা ৰঙৰ তিনিৰ পৰা চাৰিটা কণী এবাৰত পাৰে৷ মতা–মাইকী উভয়ে মিলি উমনি দিয়ে৷ প্রজননৰ কালত ডিঙি আৰু মোনাটো উজ্জ্বল কমলা বৰণৰ হোৱাৰ লগতে মটীয়া ৰঙৰ ঠেং দুটা ৰঙচুৱা হৈ পৰে৷ পূর্ণবয়স্ক হাডগিলাৰ সৰু পাখিবোৰ পাতল মটীয়া আৰু ডেউকা ডাঠ ৰঙৰ৷ ইয়াৰ দেহৰ তলৰ অংশ বগা ৰঙৰ৷ মতা–মাইকীৰ মাজত বিশেষ পার্থক্য দেখা পোৱা নাযায়৷ পোৱালি হাড়গিলাবোৰ পূর্ণবয়স্ক চৰাইতকৈ শেতা ৰঙৰ৷ বগলী জাতীয় চৰায়ে ডিঙি মেলি উৰে, কিন্তু হাডগিলাই ডিঙি কোচ খুৱাইহে উৰে৷ খোজকঢাৰ সময়ত পোন হৈ মিলিটাৰী কায়দাত লৰচৰ কৰে৷ চিলনী, শগুনৰ লগত একেলগে চৰি ফুৰা দেখা পোৱা যায়৷ উষ্ণতা নিয়ন্ত্রণৰ বাবে ডেউকা দুখন কেতিয়াবা মেলি থাকে৷ হাড়গিলা এটা ডাঙৰ আকাৰৰ চৰাই৷ ইয়াৰ উচ্চতা প্রায় ১৪৫–১৫০ ছেঃমিঃ৷ দেহৰ গড দৈর্ঘ্য ১৩৬ ছেঃমিঃ আৰু ডেউকা প্রায় ২৫০ ছেঃমিঃ, ঠোঁটৰ দৈর্ঘ্য প্রায় ৩২.২ ছেঃমিঃ৷

খাদ্য আৰু বাসভূমি বিনাশ হোৱাৰ বাবে সম্প্রতি হাড়গিলাৰ সংখ্যা দিনক দিনে কমি অহাৰ বাবে ইয়াক সংকটাপন্ন প্রজাতি বুলি আখ্যা দিয়া হৈছে৷ ২০০৮ চনৰ পিয়ল অনুসৰি, সমগ্র বিশ্বতে ১,০০০টা মান হাড়গিলা আছে৷ বর্তমান অসমৰ নগাঁও, মৰিগাঁও, বৰপেটা, কামৰূপ, শিৱসাগৰ জিলাত কিছু হাড়গিলা দেখা পোৱা যায়৷

হাড়গিলাৰ সংৰক্ষণৰ বাবে ২০১৫ চনৰ পৰা পূর্ণিমা দেৱী বর্মনে কাৰূপৰ দদৰাত মহিলাসকলক একগোট কৰি এক বিপ্লৱ আৰম্ভ কৰিছে৷ ২০১৫ চনত তেওঁ ‘ফিউচাৰ কনজাৰভেচনিষ্ট এৱার্ড’ লাভ কৰে৷ ২০১৭ চনত ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে নাৰীশক্তি পুুৰস্কাৰ প্রদান কৰে৷ ২০২৪ চনত পূর্ণিমা দেৱী বর্মনক ‘গ্রীন অস্কাৰ ৱ’ল্ড এৱার্ড’ প্রদান কৰা হয়৷ ২০২৪ চনত পার্থসাৰথি মহন্তৰ তথ্যচিত্র ‘হাড়গিলা’ই ৭০সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বিচাৰকৰ বিশেষ বঁটা লাভ কৰে৷

অসমত বিশ্বৰ ভিতৰতে সৰহসংখ্যক হাড়গিলা পোৱা যায়৷ হাড়গিলাৰ সংখ্যা উদ্বেগজনকভাৱে কম হোৱাৰ প্রধান কাৰণটো হ’ল বাহ সজাৰ বাবে ওখ গছ কমি অহা৷ সকলো জীৱই প্রকৃতিৰ পৰা নিজৰ প্রয়োজনীয় খাদ্য সংগ্রহ কৰে৷ এই জীৱবোৰ স্বচ্ছলভাৱে জীৱন যাপন কৰিবলৈ হ’লে শতকৰা ৩৩ ভাগ বনাঞ্চল পৃথিৱীত থাকিব লাগিব৷ বিষাক্ত দৰব ব্যৱহাৰ কৰা বাগিচাৰ ঘাঁহ খাই মৃত্যু হোৱা জীৱ–জন্তুৰ মৰাশ খাই বহু হাড়গিলাৰ প্রতিদিনে মৃত্যু হয়৷

মানৱ জাতিৰ মংগলৰ বাবে হাডগিলাক প্রকৃতিৰ মাজত সুস্থভাৱে জীয়াই ৰাখিব লাগিব আৰু প্রকৃতিৰ পৰিৱেশ ইহঁতৰ বাবে উপযুক্তভাবে গঢি তোলাৰ বাবে চৰকাৰৰ লগতে সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণৰ সহায় আৰু সহযোগিতাৰ লগতে গণ মাধ্যমসমূহো আধিক সক্রিয় হোৱাৰ প্রয়োজন, নহ’লে পৃথিৱীৰ বুকুৰ পৰা হাড়গিলা বিলুপ্ত হ’ব৷

ফোনঃ ৮৮২২২–৫৫৩৮৫

You might also like