নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিনপাত বিতৰণক কেন্দ্ৰ কৰি ডিফুত লংকাকাণ্ড

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ আঁচনিৰ অধীনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে হিতাধিকাৰীৰ মাজত ডিফুত টিনপাত বিতৰণক কেন্দ্র কৰি বুধবাৰে হঠাতে এক লংকাকাণ্ড সংঘটিত হয় ৷ পৰিস্থিতি নিয়ন্ত্রণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাৰ উপৰি লাঠীচালনা কৰিবলগীয়া হয় ৷ উত্তেজিত জনতায়ো আৰক্ষীলৈ লক্ষ্য কৰি শিলাবর্ষণ কৰাত আৰক্ষীৰ লগতে সাধাৰণ লোকৰো কেইবাখনো গাড়ী চূচূর্মৈ হয় ৷ ডিফুৰ হৰিলাল বস্তিত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় কার্বি আংলঙৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী ৷ আৰক্ষী অধীক্ষকজনে জনতাৰ শিলাবর্ষণত আহত হোৱা কাৰেং ইংহিপী (৬০) নামৰ বৃদ্ধাগৰাকীক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰাৰ উপৰি পৰিস্থিতি পর্যবেক্ষণ কৰে ৷ সম্প্রতি চিকিৎসাধীন হৈ আছে বৃদ্ধাগৰাকী ৷

উল্লেখ্য যে যোৱা তিনি দিন ধৰি ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্রেণীৰ কল্যাণ বিভাগৰ আঁচনিৰ অধীনত কার্বি আংলং স্বায়ত্ত পৰিষদে বিতৰণ কৰি আছিল টিনপাত ৷ বুধবাৰেও ডিফুৰ হৰিলাল বস্তিত টিনপাত বিতৰণৰ কার্যসূচী আছিল ৷ ইয়াৰ বাবে দূৰ–দূৰণিৰ পৰা বহু লোক উপস্থিত হৈছিল ৷ কিন্তু পুৱাৰে পৰা শ শ লোক আশাৰে ৰৈ থকাৰ পাছতো বিয়লি পর্যন্ত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কোনো লোক উপস্থিত নোহোৱাত ৰাইজ উত্তেজিত হৈ উঠে ৷ উত্তেজিত জনতাক নিয়ন্ত্রণ কৰিবলৈ আৰক্ষী উপস্থিত হয় ৷ কিন্তু জনতাই আৰক্ষীলৈ লক্ষ্য কৰি শিলাবর্ষণ কৰিবলৈ ধৰে ৷ আৰক্ষীয়ে শূন্যলৈ লক্ষ্য কৰি কেইবাজাঁই গুলীবর্ষণ কৰাৰ পাছতো পৰিস্থিতি নিয়ন্ত্রণ নোহোৱাত লাঠীচালনা কৰিবলগা হয় ৷ আৰক্ষী অধীক্ষক দেউৰীয়ে আজিৰ ঘটনা সন্দর্ভত কয় যে পৰিকল্পনাহীনভাৱে টিনপাত বিতৰণৰ কার্যসূচী গ্রহণ কৰা বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হয় ৷ ইয়াত আৰক্ষীৰ কৰিবলগা একো নাছিল যদিও আৰক্ষীয়ে সমগ্র ঘটনাক্রম পর্যবেক্ষণত ৰাখিছে ৷

You might also like