নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় হোটেলখনৰ নাম ‘দ্বিতীয় পত্নী’ ৰখা হ’ল ?

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ বহুদিন ধৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এখন বিশেষ হোটেল । হোটেলখনৰ নামটোৰ বাবেই বিশেষ চৰ্চালৈ আহিছিল এইখন হোটেল । হোটেলখনৰ নাম হৈছে দ্বিতীয় পত্নী । কিয় এই বিশেষ হোটেলখন নাম ৰখা হ’ল দ্বিতীয় পত্নী সেয়া জানিবলৈ আপুনিও চাগে অত্যন্ত উৎসুক ।

নিজৰ পত্নীয়ে প্ৰস্তুত কৰা খাদ্য আপুনি প্ৰতিদিনে খায় ৷ কিন্তু দ্বিতীয় পত্নীৰ হাতৰ খাদ্যৰ জুতি ল’বলৈ মন গৈছে নেকি ? ভয় নেখাব ৷ ইয়াৰ বাবে আপুনি দ্বিতীয় বিবাহ কৰিব নেলাগে ৷ বিশ্বনাথ চাৰিআলিলৈ আহিলেই ল’ব পাৰিব ‘দ্বিতীয় পত্নী’ৰ হাতৰ খাদ্যৰ জুতি ৷ বিশ্বনাথ চাৰিআলিৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ গাতে লাগি আছে এই হোটেল খন ৷ নামটোৰ বাবেই বহু চৰ্চালৈ আহিছে হোটেল খন ৷ চাহৰ পৰা মছলা বিহীন ব্যঞ্জনৰ ভাতলৈকে পোৱা যায় এই হোটেল খনত ৷ দেখাত সৰু যদিও উন্নতমানৰ খাদ্যৰ বাবে গ্ৰাহকৰ ভীৰ হয় হোটেল খনত ৷ স্থানীয় দুজন নিবনুৱা যুৱকে স্বাৱলম্বী হ’বলৈ আৰাম্ভ কৰিছে হোটেল খন ৷ ঘৰত পত্নীয়ে কৰা আদৰ যত্নৰ দৰেই ইয়াত আপ্যায়ন কৰা হয় বাবেই হোটেলখনৰ নাম ৰখা হৈছে দ্বিতীয় পত্নী ৷ গ্ৰাহকো এতিয়া সন্তুষ্ট দ্বিতীয় পত্নীৰ আপ্যায়নত ৷

You might also like