নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি নিৰ্বাচনঃ অকলেই প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত বিজেপিৰ

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ আসন্ন বিটিচি নিৰ্বাচনক লৈ বিপিএফ আৰু বিজেপিৰ মিত্ৰতাৰ ৰাজনীতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে৷ দুয়ো দলৰ স্থিতি ইতিমধ্যে দুই মেৰুত অৱস্থান কৰিছে৷ অহা ৪ এপ্রিলত হ’বলগীয়া বিটিচি নির্বাচনত বিজেপি–গপৰে বিপিএফৰ মিত্রতা অব্যাহত আছে বুলি বিপিএফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে বুধবাৰে দুপৰীয়া কৰা ঘোষণাৰ বিপৰীতে বিয়লিৰ ভাগত গোৰেশ্বৰত অনুষ্ঠিত এক সাংগঠনিক সভাত বিজেপিয়ে এককভাৱে নির্বাচন খেলাৰ সিদ্ধান্ত গ্রহণ কৰিছে বুলি প্রকাশ কৰে ৷ উল্লেখ্য যে বুধবাৰে দিনৰ ভাগত ৰাজ্যসভা নির্বাচনৰ বাবে বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ অংশীদাৰ বিপিএফৰ প্রার্থী বিশ্বজিৎ দৈমাৰীৰ মনোনয়ন দাখিল অনুষ্ঠানত অংশগ্রহণ কৰি হাগ্রামা মহিলাৰীয়ে সাংবাদিকৰ আগত আসন্ন বিটিচি নির্বাচনত বিজেপি–গপৰ সৈতে তেওঁলোকৰ মিত্রতা অব্যাহত থাকিব বুলি প্রকাশ কৰে৷ তেওঁ কয় যে দিছপুৰত যিদৰে বিজেপি–অগপৰ সৈতে তেওঁলোকৰ মিত্রতা আছে, কেন্দ্রত যিদৰে মিত্রতা আছে, বিটিচিতো সেই মিত্রতা থাকিব ৷

ইয়াৰ কেইমুহূর্তমান পাছতেই সাংবাদিকৰ আগত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে ৰঙিয়াৰ গোৰেশ্বৰত বিটিচিৰ চাৰিখন জিলাৰ বিজেপিৰ দলীয় বিষয়ববীয়াসকলৰ লগতে ৪০টা পৰিষদীয় সমষ্টিৰ মণ্ডলৰ কার্যকর্তাৰ সৈতে এখন বৈঠক অনুষ্ঠিত হ’ব ৷ সেই বৈঠকত আটাইৰে মতামত গ্রহণ কৰি মিত্রতা সম্পর্কত চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ আনহাতে, গোৰেশ্বৰত অনুষ্ঠিত সাংগঠনিক সভাখনত অংশগ্রহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি দাসে কয়– বিটিচি নির্বাচনত বিজেপিয়ে কাৰো সৈতে আপোচ নকৰে ৷ তুমুল প্রতিদ্বন্দ্বিতাৰে অকলেই যুঁজিব ৷ বিটিচিত বিজেপি অবিহনে কোনেও অকলে চৰকাৰ গঠন কৰিব নোৱাৰে ৷ অপৰম্পৰাগত শব্দৰে যিসকলে সংগঠন কৰে, সেই সংগঠনে সুস্থিৰ সমাজ গঢ়িব নোৱাৰে ৷ বিটিচিৰ জনসাধাৰণে বিটিচিত বিজেপিক শাসনত থকাটো বিচাৰে ৷ বিজেপিয়ে আৱেগিকভাৱে নির্বাচন নেখেলে ৷ সাগৰৰ ঢৌ নিমিষতে আহে, নিমিষতে যায় ৷ কিন্তু বিজেপিৰ ঢৌ সাগৰৰ তলিৰ নিৰৱচ্ছিন্ন ঢৌ ৷ ই চিৰপ্রৱহমান ৷ বিপিএফ–অগপৰ সৈতে বিজেপিৰ মিত্রতা থাকিব যদিও বিটিচি নির্বাচনত কাৰো সৈতে আপোচ কৰা নহয় ৷ নির্বাচনৰ পাছতহে কাৰ সৈতে চৰকাৰ কৰিম সেয়া চিন্তা–চর্চা কৰিম ৷ এই নির্বাচনত কাৰো সৈতে বন্ধুত্বমূলকভাৱে অংশগ্রহণ নকৰোঁ ৷ কেন্দ্র আৰু ৰাজ্যত যিহেতু বিজেপিৰ চৰকাৰ, সেয়ে বিটিচিতো ৰাইজে বিজেপিৰ চৰকাৰ হোৱাটো বিচাৰিছে ৷ জনসাধাৰণৰ আশা–আকাংক্ষাৰ বাবেই বিজেপিয়ে নির্বাচন খেলিব ৷ জনসাধাৰণ কিহৰ পৰা বঞ্চিত হৈ আছে সেয়া চোৱা–চিতাৰ দায়িত্ব বিজেপিৰ ৷

উত্তৰ কামৰূপ জিলাৰ বিজেপি সম্পাদক ড০ হৃদয় দাসে আঁত ধৰা সভাখনত দাসে আৰু কয় যে বিটিচিত ভাৰতীয় স্বাভিমান আছে ৷ এই স্বাভিমানক সন্মান জনাবৰ বাবে বিজেপি বিটিচি দখল কৰিবলৈ বদ্ধপৰিকৰ ৷ ভাষণত তেওঁ বিটিচি নির্বাচনৰ বাবে মন্ত্রী তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক অশ্বিনী ৰায় সৰকাৰক পর্যবেক্ষক হিচাপে দায়িত্ব দিয়া হৈছে বুলি প্রকাশ কৰে ৷ সেইদৰে সাংসদ দিলীপ শইকীয়াই ভাষণত কয় যে বিটিচিত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব ৷ যোৱা বিটিচি নির্বাচনত বিজেপিয়ে ১৩ শতাংশ ভোট পাইছিল ৷ কিন্তু এইবাৰ ৪০ শতাংশ ভোট লাভ কৰিব ৷ মিত্রতা কোনে কিমান মানি চলিছে সেয়া দলৰ প্রতিজন সদস্যই জানে বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে ৷ সভাত মন্ত্রী ভৱেশ কলিতা, দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোহাঁই, জনতা যুৱ মর্চাৰ ৰাজ্যিক সভাপতি অনুপ বর্মনকে ধৰি কেইবাজনো শীর্ষ পর্যায়ৰ নেতা–কর্মীয়ে অংশগ্রহণ কৰে৷ ইফালে, বিটিচিপ্রধান মহিলাৰীয়ে আজি সাংবাদিকৰ আগত প্রকাশ কৰা মতে বিপিএফেই পুনৰ বিটিচিৰ শাসনভাৰ লাভ কৰিব৷ ইউপিপিএলে হাগ্রামা মহিলাৰীক উৎখাতৰ হুংকাৰ দিয়া সম্পর্কত তেওঁ কয় যে যোৱা ১৫ বছৰে সেয়া চলি আহিছে ৷ কিন্তু আজিলৈকে পৰা নাই আৰু নোৱাৰে৷ মহিলাৰীৰ গৃহ সমষ্টিত ইউপিপিএলৰ প্রমোদ বড়োৱে প্রতিদ্বন্দ্বিতা কৰিব বুলি প্রকাশ কৰা সম্পর্কত তেওঁ কয় যে প্রমোদ বড়ো তেওঁৰ সমষ্টিলৈ আহিলে তেওঁ ভালেই পাব৷ কাৰণ তেতিয়া তেওঁ বিটিচিৰ বাকী ৩৯টা সমষ্টিত প্রচাৰ কার্য চলোৱাত সুবিধা হ’ব ৷

You might also like