🔹 বিহাৰত চালকৰ বীৰত্বক প্রশংসা
নিউজ ডেস্ক, ৮ ডিচেম্বৰ : বিহাৰত জীপৰ চালক এজন দুর্বৃত্তৰ গুলীত আহত হোৱাৰ পিছতো কেইবা কিলোমিটাৰ পথ গাড়ী চলাই ১৫জনৰ প্রাণৰক্ষা কৰা ঘটনাত চালকজনৰ বীৰত্ব আৰু দৃঢ়তাক ভূয়সী প্রশংসা কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, সন্তোষ সিং নামৰ জীপখনৰ চালকজনক দুই দুর্বৃত্তই গুলীওৱাত তেওঁৰ পেটত গুলী লাগে আৰু সেই গুলী লগা অৱস্থাৰে যাত্রীকেইজনক নিৰাপদ স্থানলৈ লৈ যায়৷ বিহাৰৰ ভোজপুৰ জিলাৰ জ’ন গাঁৱৰ সমীপত বিবাহৰ অনুষ্ঠান এটাত অংশ লৈ উভতি আহোঁতে দুর্বৃত্তই আগভেটি ধৰি বাহনখনৰ ওপৰত আক্রমণ চলায়৷ জীপখনলৈ জধে–মধে গুলী চলোৱাত চালকজনৰ পেটত গুলী লাগে৷ পেটত গুলী লগা অৱস্থাৰেই জীপখন নির্ধাৰিত লক্ষ্যলৈ আগবঢ়াই নিয়ে চালকজনে৷ পিছে পিছে বাইকত অহা দুর্বৃত্তই খেদি আহে যদিও চালকজনৰ দৃঢ়তা আৰু বীৰত্বৰ বাবে বাহনখনত থকা যাত্রীসকলৰ প্রাণৰক্ষা পৰে৷ বর্তমান চালকজন চিকিৎসালয়ত ভর্তি হৈ আছে৷