নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ ৰাজ্যসভাৰ নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো তৎপৰ হৈ থকাৰ সময়তে বৃহস্পতিবাৰে ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰে সাংবাদিক অতনু ভূঞাই । বৃহস্পতিবাৰে দিছপুৰৰ পৰা তেওঁ সংগ্ৰহ কৰে মনোনয়ন পত্ৰ ।
উল্লেখ্য যে, ৰাজ্যসভাৰ প্ৰথম দুখনত বিজেপি মিত্ৰজোঁটে প্ৰাৰ্থী আগবঢ়োৱাৰ লগতে বুধবাৰে তৃতীয়খন আসনৰ বাবে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে উমৈহতীয়া প্ৰাৰ্থীৰূপে ঘোষণা কৰে বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ নাম । অজিত ভূঞাৰ নাম ঘোষণা হোৱাৰ এটা দিন পাচতেই সাংবাদিক অতনু ভূঞাই মনোনয়ন গ্ৰহণ কৰা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত ।