নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰা গ’ল গজৰাজৰ পিঠিত বৰ যাত্ৰী গ’ল গৰু গাড়ীত উঠি পিছে ক’ত?

নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ ৰজা দিনীয়া এক পুৰণিকলীয়া পৰম্পৰাৰে গোলাঘাটত সম্পন্ন হ’ল এখন বিবাহ অনুষ্ঠান ।গজৰাজৰ পিঠিত উঠি কইনাৰ ঘৰলৈ গ’ল দৰা । একেদৰে বৰ যাত্ৰীও গ’ল গৰু গাড়ীত উঠি । এই পুৰণি পৰম্পৰাগত বিবাহ সম্পন্ন হয় গোলাঘাট জিলাৰ জোনাকী নগৰৰ ভগা গাওঁত । ভগা গাওঁৰ বাসিন্দা পুহেশ্বৰ দাসৰ পুত্ৰ সত্যজিৎ দাস হ’ল দৰা । আৰু সমীপৱৰ্তী শিয়ালেখাটী গাওঁৰ বাসিন্দা লীলাধৰ দাসৰ জীয়ৰী নিহাৰীকা দাস হ’ল কইনা । দুয়োৰে সিদ্ধান্ত মৰ্মে , দৰা যাব গজৰাজৰ উঠি আৰু কইনা আহিব চৈ দিয়া গৰুগাড়ীত উঠি । আৰু সিদ্ধান্ত মৰ্মে বেন পাৰ্টীৰ সংগীতৰ মাজেৰে গজৰাজৰ পিঠিত উঠি নিৰ্দিষ্ট সময়ত দৰা উপস্থিত হ’ল কইনাৰ ঘৰত । পিছে পিছে চৈ দিয়া গৰুগাড়ীত উঠি গ’ল বৰযাত্ৰী । অৱশ্যে কইনাৰ ঘৰ ওচৰতে হোৱা বাবে খোজ কাঢ়িও গ’ল একাংশ বৰযাত্ৰী । আৰু অগণন লোকে নয়ন সাৰ্থক কৰিলে পুৰণি পৰম্পৰাগত বিবাহৰ বৰ আৰু বৰযাত্ৰী যাত্ৰা চাই । যি সময়ত বিয়াৰ দৰা যাবৰ বাবে বিলাসী বাহন সঁজাই পৰাই সুন্দৰ কৰি দৰাক উঠাই লৈ যোৱা হয় তেনে সময়ত দৰা সত্যজিৎ দাসৰ এনে সিদ্ধান্তক সকলোৱে সলাগ লৈছে ।

You might also like