নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ প্ৰায়ে চৰ্চালৈ আহে দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তৰ ৰাজনীতি গমনৰ কথা । কিন্তু এই সকলো চেৰ পেলাই আজি চুপাৰষ্টাৰ ৰজনীকান্তে সংবাদমেলযোগে নিজৰ ৰাজনৈতিক পৰিকল্পনাৰ কথা সদৰী কৰে । ৰজনীকান্তে কয় যে এইটো এনেধৰণৰ ৰাজনৈতিক দল হ’বলৈ গৈ আছে, য’ত চৰকাৰ আৰু দল দুয়োটাই বেলেগে বেলেগে কাম কৰিব । লগতে তেওঁ দলটোৰ নেতা হ’ব যদিও মুখ্যমন্ত্ৰী কেতিয়াও নোহোৱাৰ কথা প্ৰকাশ কৰে ।
অৱশ্যে এই সংবাদমেলত ৰজনীকান্তই নিজৰ দলটোৰ নামৰ সন্দৰ্ভত একো মন্তব্য নকৰিলে । লগতে এই ৰাজনৈতিক দলটো কেতিয়া মুক্তি লাভ কৰিব তাৰ কোনো তাৰিখৰ বিষয়েও উল্লেখ নকৰে ।
এই সংবাদমেলত ৰজনীকান্তে আগলৈ কয় যে যদি কিবা বেয়া হয়, তেন্তে দলটোৱে আমাৰ চৰকাৰক প্ৰশ্ন কৰিব । লগতে তামিলনাডুৰ বাবে আমি যি পৰিকল্পনা প্ৰস্তুত কৰিছো, সেয়া লৈ আমি জনসাধাৰণৰ মাজলৈ যাম । ইপিনে চুপাৰষ্টাৰগৰাকীয়ে শিক্ষিত যুৱপ্ৰজন্মক সুযোগ দিয়াৰ কথাও প্ৰকাশ কৰে ।
Rajinikanth in Chennai: I have never thought of the Chief Minister’s post. I only want a change in politics. https://t.co/Eh7rxp7VDn pic.twitter.com/bukPd4Pvk2
— ANI (@ANI) March 12, 2020