মহিলা খেলুৱৈক অশ্লীল মেছেজ প্ৰশিক্ষকৰঃ কাণত ধৰি আঁঠু কঢ়ালে পৰিয়ালে
নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ সৰুসজাই ষ্টেডিয়ামত প্রশিক্ষণৰত এগৰাকী মহিলা খেলুৱৈক দীর্ঘদিন ধৰি অশ্লীল মেছেজ দি অহাৰ অভিযোগত এজন প্রশিক্ষকক উত্তম–মধ্যম শোধালে পৰিয়ালৰ লোকে ৷ শেহতীয়াকৈ পোহৰলৈ অহা এই ঘটনাই ৰাজ্যৰ ক্রীড়াপ্রেমীৰ মাজত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ অভিযোগ অনুসৰি সৰুসজাইত মহিলা খেলুৱৈক প্রশিক্ষণ প্রদান কৰা প্রশিক্ষক নৱজিৎ মালাকাৰে দীর্ঘদিন ধৰি বশিষ্ঠৰ পাটৰকুছিৰ এগৰাকী মহিলা খেলুৱৈক অশ্লীল মেছেজ দি আহিছিল ৷ প্রশিক্ষকৰ অশ্লীল মেছেজ লাভ কৰি মহিলা খেলুৱৈগৰাকীয়ে অতিষ্ঠ হৈ পৰিয়ালৰ লোকক সমগ্র ঘটনাৰ বিষয়ে অৱগত কৰায় ৷ পৰিয়ালৰ লোকে কৌশলেৰে এথেলেটিক প্রশিক্ষক নৱজিৎ মালাকাৰক ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰলৈ আমন্ত্রণ কৰে৷ প্রশিক্ষক মালাকাৰে স্প’টছ অথৰিটীৰ কর্মী জুন গায়নৰ সৈতে ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰত উপস্থিত হোৱাত পৰিয়ালৰ লোকে ঘটনাৰ বিষয়ে সোধা–পোছা কৰে৷ ইয়াৰ পিছতে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে প্রশিক্ষক মালাকাৰক ক্ষমা বিচাৰিবলৈ কোৱাত প্রশিক্ষক মালাকাৰ আৰু গায়নে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় বুলি কাণত ধৰি শপত খোৱা কার্যক লৈ সর্বত্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ ঘটনা সন্দর্ভত ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে বশিষ্ঠ থানাত এটা গোচৰ ৰুজু কৰিছে ৷