নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ আগষ্টৰ ভিতৰত বন্ধ হ’ব মাদ্ৰাছা আৰু সংস্কৃত টোল

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ ‘চৰকাৰী খৰচত আমি কোনো ধৰ্মগ্ৰন্থ নিশিকাওঁ । ভাষা শিকোৱাতো বেলেগ কথা যিদৰে ইংৰাজী , জাপানীজ , ফৰাচী ভাষা শিকোৱা হয় ঠিক তেনেদৰে স্প’কেন আৰবী শিকোৱাত আমাৰ কোনো আপত্তি নাই । কিন্তু চৰকাৰী খৰচত যদি কোৰাণ শিকোৱা তেন্তে গীতাও শিকাব লাগিব অথবা বাইবেলো ।’ – বৃহস্পতিবাৰে এইদৰেই অসম বিধানসভাত উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

১৫ আগষ্টৰ ভিতৰত ৰাজ্যৰ মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ বন্ধ কৰা হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । এইসমূহ টোল আৰু মাদ্ৰাছা শিক্ষকে অৱসৰৰ সময়লৈকে ঘৰত বহিয়েই দৰমহা লাভ কৰিব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই ।

You might also like