নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰাকত মন্ত্ৰী কৃষ্ণেন্দু পাল-কৌশিক ৰয়ক বিপুল আদৰণি

📌 জনসাধাৰণৰ উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে কাম কৰি যাম : মন্ত্ৰী কৃষ্ণেন্দু

📌 ১৫ ডিচেম্বৰৰ পৰা নতুন ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব : মন্ত্ৰী কৌশিক

নিয়মীয়া বাৰ্তা, ১২ ডিচেম্বৰ : ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী সভাত বৰাকৰ দুজনকৈ বিধায়কে স্থান লাভ কৰাত বৰাক উপত্যকাৰ ৰাইজৰ মাজত ব্যাপক উৎসাহ আৰু উদ্দীপনা পৰিলক্ষিত হৈছে। আজি প্ৰথমবাৰৰ বাবে বৰাক উপত্যকা ভ্ৰমণত আহে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা,খনি আৰু খনিজ দ্ৰব্য আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰয় আৰু মীন, পশুপালন আৰু লোক নিৰ্মাণ বিভাগ (প্ৰধান মন্ত্ৰী গ্ৰামীণ পথ যোজনা) মন্ত্ৰী কৃষ্ণেন্দু পালে। শিলচৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত মন্ত্ৰী দুগৰাকীক উষ্ম আদৰণি জনায় দলীয় কৰ্মীসকলে। কুম্ভীৰগ্ৰাম বিমানকোঠত অৱতৰন কৰাৰ পিছতে সহস্ৰাধিক বাহনৰ এক বিশাল সমদল কৰি শিলচৰলৈ আদৰি অনা হয় মন্ত্ৰী কৌশিক ৰয় আৰু মন্ত্ৰী কৃষ্ণেন্দু পালক। শিলচৰৰ ৰংপুৰ মধুৰা পইন্টত উপস্থিত হোৱাৰ পিছত অটল বিহাৰী বাজপেয়ীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে মন্ত্ৰীদ্বয়ে। ইয়াৰ পিছতে যুৱ মৰ্চাৰ উদ্যোগত এক বিশাল বাইক ৰেলী কৰি এখন খোলা জীপত শিলচৰ ইটখলাস্থিত কাছাৰ বিজেপিৰ কাৰ্যলয়লৈ আদৰি অনা হয় দুই মন্ত্ৰীক। বিজেপি কাৰ্যলয়ত মন্ত্ৰীদ্বয়ক সম্বৰ্ধনা জনায় কাছাৰ বিজেপিয়ে। ইয়াৰ পিছত দলীয় কাৰ্যলয়ৰ পৰা ৰাংগিৰখাৰীলৈ এক পদযাত্ৰাত নব নিযুক্ত মন্ত্ৰীদ্বয়ে অংশ লয়। শিলচৰৰ ৰাজপথত বৃহৎ সংখ্যক লোকে শোভাযাত্ৰাত অংশ লৈ মন্ত্ৰী দুগৰাকীক সম্বর্ধনা জনায়। মন্ত্ৰী কৌশিক ৰয়ে সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই তেওঁক তিনিটা বিভাগৰ দায়িত্ব দিয়াৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। তেওঁ কয়, বৰাক উপত্যকা উন্নয়ন বিভাগটো অতি গুৰুত্বপূৰ্ণ। তেওঁ দলৰ মতাদৰ্শ আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি উপত্যকাটোৰ উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে কাম কৰিব। তেওঁ কয়, বিভাগীয় দায়িত্ব গ্ৰহণৰ পিছতেই খাদ্য, ৰাজহুৱা বিতৰণ ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়ববীয়া সকলৰ সৈতে পৰ্যালোচনা বৈঠক কৰোঁ। বৈঠকত বিভাগৰ অধীনত অব্যাহত থকা সেৱা তথা আঁচনি সমূহৰ সাম্প্ৰতিক স্থিতি আৰু ৰূপায়ন সন্দৰ্ভত অৱগত হওঁ। সকলো বিষয়ববীয়াকে বিভাগীয় আঁচনি সমূহ সফল ৰূপায়েনেৰে ৰাইজৰ সেৱা আন্তৰিকতাৰে কৰি যাবলৈ আহ্বান জনাইছো। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পদাংক অনুকৰণ কৰি যাতে অসমৰ ৰাইজৰ হকে বিভাগটোৰ জৰিয়তে কাম কৰি যাব পাৰোঁ তাৰ বাবে সকলোৰে সহায়-সহযোগিতা আৰু আৰ্শীবাদ কামনা কৰে তেওঁ। নিষ্ঠা, সততা আৰু সমৰ্পিত ভাৱে সেৱা আগবঢ়াবলৈ বৰাকবাসীৰ আশিস, সহযোগিতা কামনা কৰে তেওঁ। কৌশিক ৰয়ে কয়, অহা ১৫ ডিচেম্বৰৰ পৰা নতুন ৰেচন কাৰ্ড বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি উল্লেখ কৰে তেওঁ। এইদিনা বক্তব্যত মন্ত্রী কৃষ্ণেন্দু পালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি বিভাগীয় কামকাজ সম্পাদন কৰাৰ লগতে বৰাক উপত্যকাৰ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰি দায়িত্ব পালন কৰিব বুলি উল্লেখ কৰে। তেওঁ কয়, বিভাগীয় দায়িত্ব গ্ৰহণৰ পিছত পৰ্যালোচনা বৈঠক কৰিছোঁ। উন্নয়নমূলক প্ৰকল্পসমূহ ৰাইজৰ সুবিধাৰ্থে সময়মতে আৰু কাৰ্যক্ষমভাৱে সম্পূৰ্ণ কৰাটো নিশ্চিত কৰাত গুৰুত্ব দিম। একেলগে মুখ্যমন্ত্ৰী অসম ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি এখন শক্তিশালী আৰু সুসংযোগী অসম গঢ়াৰ দিশত কাম কৰি যাম বুলি প্ৰতিশ্ৰুতীবদ্ধ। তেওঁ কয়, কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়ত উষ্ম আৰু আদৰণি জনোৱাৰ বাবে বিজেপি কাছাৰ জিলাৰ নেতৃত্বলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিজেপি দলটোক প্ৰতিটো স্তৰতে শক্তিশালী কৰি তোলাৰ অক্লান্ত প্ৰচেষ্টা আৰু দায়বদ্ধতা অব্যাহত থকা সকলো নিষ্ঠাবান কৰ্মকৰ্তালৈ বিশেষ ধন্যবাদ জ্ঞাপন কৰিছো। জনসাধাৰণৰ উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে কাম কৰি যাব বুলি উল্লেখ কৰে তেওঁ। অনুষ্ঠানত কাছাৰ জিলা বিজেপিৰ সভাপতি বিমলেন্দু ৰয়, শিলচৰৰ বিধায়ক দীপায়ন চক্রৱর্তী, উধাৰবন্দৰ বিধায়ক মিহিৰকান্তি সোম, ধলাইৰ বিধায়ক নীহাৰ ৰঞ্জন দাস, কাটিগড়াৰ প্ৰাক্তন বিধায়ক অমৰচান্দ জৈন, বিজেপি নেতা কণাদ পুৰকায়স্থ, অভ্ৰজিৎ চক্ৰৱৰ্তী আদি উপস্থিত থাকে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like