বাজেট বিফল হ’লে দায়িত্ব মই ল’মঃমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ বাজেট সফল হ’লে কৰ্তৃত্ব সকলোৱে পাব আৰু বিফল হ’লে দায়িত্ব মই লম, বিধানসভাত বাজেট বিতৰ্কৰ উত্তৰত এই মন্তব্য বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
যোৱা ৪ বছৰৰ বাজেটৰ প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। এই বাজেটখন অহা ১০০ বছৰলৈ লাভজনক হ’ব। ৰাজ্যৰ দুখীয়া দৰিদ্ৰৰ বাবে ইয়াতকৈ ডাঙৰ আঁচনি একো নাই বুলিও মন্তব্য কৰে মন্ত্ৰী ড০ শৰ্মাই।
‘ৰাজ্যৰ অৰ্থনীতি বিকাশক লৈ যদি কোনো অৰ্থনীতিবিদে যদি পৰীক্ষা লয় তেন্তে কংগ্ৰেছতকৈ মই বেছি নম্বৰ পাম। কংগ্ৰেছৰ দিনত বছৰি উন্নয়নৰ হাৰ আছিল ১.৫ শতাংশ আৰু মোৰ দিনত বছৰি উন্নয়নৰ হাৰ হৈছে ১৭ শতাংশ।’
অৰবিন্দ কেজৰিৱালৰ জনকল্যাণমূলক আঁচনিৰ সৈতে বিৰোধীয়ে কৰা তুলনাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ কটাক্ষ। অসমৰ হাস্পতালসমূহ চাবলৈ আহ্ৱান। দিল্লীৰ চৰকাৰৰ সৈতে অসমক তুলনা কৰি লাভ নাই। বিধৱা-দিব্যাংগসকলৰ বাবে আঁচনি কেতিয়াও নিৰ্বাচনমুখী নহয়। তেওঁলোকক আমি হিতাধিকাৰী বুলি নাভাবো বুলিও মন্তব্য বিত্তমন্ত্ৰীৰ। লগতে তৰুণ গগৈকো সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ। নামঘৰ আৰু বিদ্যালয়ক তুলনা নকৰিবলৈ আহ্বান।