নিয়মীয়া বাৰ্তা, ১২ মাৰ্চঃ আজি দিল্লী চৰকাৰে ক’ৰোনা ভাইৰাছক মহামাৰী ৰূপে ঘোষণা কৰি অহা ৩১ মাৰ্চলৈকে ৰাজ্যখনৰ সকলো ছবিগৃহ বন্ধৰ এক নিৰ্দেশ জাৰি কৰিছে । দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই নিৰ্দেশ জাৰি কৰিছে ।
তেওঁ লগতে জনায় যে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ত্ৰাস সৃষ্টি কৰা এই ক’ৰোনা ভাইৰাছৰ ক্ষিপ্ৰতৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । লগতে যিসমূহ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰীক্ষাসমূহ শেষ হৈছে, সেইসমূহো অহা ৩১ মাৰ্চলৈকে বন্ধৰ নিৰ্দেশ দিছে ।
Delhi govt has declared Coronavirus an epidemic. We need to exercise abundant caution to contain the disease. All cinema halls, schools, colleges in Delhi will be shut until 31st March, but exams will continue as scheduled. People are advised to stay away from public gatherings. pic.twitter.com/2vHyinNKAP
— Arvind Kejriwal (@ArvindKejriwal) March 12, 2020
উল্লেখ্য যে ভাৰতত আজি পৰ্যন্ত ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৭৩ লৈ বৃদ্ধি পাইছে । বৃহস্পতিবাৰে উত্তৰ প্ৰদেশ, লক্ষ্ণৌ আৰু মহাৰাষ্ট্ৰত কিছু নতুনকৈ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ।