নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব হিন্দু পৰিষদৰ নেতা শশী কাকতিৰ মৃত্যুত শোক

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ বিশ্ব হিন্দু পৰিষদৰ উত্তৰ–পূব প্রান্তৰ সাংগঠনিক সম্পাদক শশী কাকতিৰ বৃহস্পতিবাৰে ৰক্তচাপজনিত কাৰণত মৃত্যু হয়৷ বিশিষ্ট সমাজকর্মী তথা বিশ্ব হিন্দু পৰিষদৰ নেতাগৰাকীয়ে আজি পুৱা ৫.১০ বজাত আকস্মিকভাৱে মৃত্যুক আঁকোৱালি লয়৷ জানিব পৰা মতে, পৰিষদৰ নেতাগৰাকীয়ে সাংগঠনিক কামৰ বাবে প্রান্তীয় কার্যালয়ৰ পাঞ্চজন্য ভৱনত নিশাটো কটাইছিল৷ কাহিলি পুৱা তেওঁ আকস্মিকভাৱে অসুস্থ হৈ পৰাত ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও আদবাটতে শেষনিশ্বাস ত্যাগ কৰে৷ পিছত তেওঁৰ মৃতদেহ প্রান্তীয় কার্যালয়লৈ নিয়া হয়৷ তাত প্রান্তীয় সভাপতি ড০ মুনীন্দ্রমোহন ডেকা, ক্ষেত্রীয় সংগঠন মন্ত্রী দীনেশ ত্রিপাঠী, হিন্দু জাগৰণ মঞ্চৰ প্রাক্তন ৰাজ্যিক সভাপতি ডম্বৰুধৰ তালুকদাৰৰ উপৰি ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ কাণু ডেকাৰ উপৰি অলেখ গুণমুগ্ধই গভীৰ শোক প্রকাশ কৰাৰ উপৰি শেষ শ্রদ্ধা জ্ঞাপন কৰে৷ মৰিগাঁও জিলাৰ পচতীয়া গাঁৱত জন্মগ্রহণ কৰা প্রয়াত কাকতিয়ে মৰিগাঁও আৰু নগাঁও জিলাত পৰিষদৰ স্থিতি মজবুত কৰাত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ ৬২ বছৰীয়া প্রয়াত কাকতিয়ে পত্নীৰ উপৰি একমাত্র পুত্র সন্তানৰ লগতে অনেক আত্মীয়ক ইহসংসাৰত এৰি যায়৷ ইফালে সংসাৰৰ বাবে গৃহভূমিলৈ নিয়া হৈছে তেওঁৰ নশ্বৰ দেহ৷ তেওঁৰ মৃত্যুত মহানগৰীৰ উপৰি মৰিগাঁৱতো গভীৰ শোকৰ ছাঁ পৰিছে৷

You might also like