নিয়মীয়া বাৰ্তা, ১৫ ডিচেম্বৰ : আয়তীৰ উৰুলি-জোকাৰ, নাম-কীৰ্তন, শংখ,ঘণ্টা, ঢুলীয়াৰ ঢোলৰ শব্দ আৰু মংগলধ্বনিৰ মাজেৰে মন্দিৰত গোসাঁই স্থাপনেৰে কালিৰে পৰা নলবাৰী জিলাৰ গোৱৰাদলৰ সমীপৱৰ্তী দহকাউনীয়া গাঁৱৰ শ্ৰীশ্ৰী জগন্নাথ হৰি মন্দিৰ প্ৰাংগণত আৰম্ভ হৈছে ১২৭ সংখ্যক দহকাউনীয়া আঘোণৰ পূৰ্ণিমাৰ সভা মহোৎসৱ ৷ কালি পুৱা স্বচ্ছ ভাৰত অভিযানৰ আধাৰত চাফাই অভিযানৰ পাছতে সভা পৰিচালনা সমিতিৰ সভাপতি যোগেশ্বৰ বৰ্মনে ধৰ্মীয় পতাকা উত্তোলনেৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পাছত স্মৃতি বেদীত বন্তি প্ৰজ্বলন-মাল্যাৰ্পণ কৰে ক্ৰমে গোৱৰাদলৰ জগৎ বৰ্মন আৰু প্ৰতাপ চন্দ্ৰ হালৈয়ে৷ বীৰ শ্বহীদ নিৰোদ শৰ্মাৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন-মাল্যাৰ্পণ কৰে শ্বহীদৰ পত্নী জোনালী দেৱীয়ে৷ লগতে গছপুলি ৰোপণ কৰে ধীৰেশ্বৰ ৰাজবংশী, ভূপেন কলিতা, মাধৱ হালৈ আৰু তৰুণ দাসে৷ বিয়লি সভাৰ দ্বাৰ উন্মোচন কৰি সভা উদ্বোধন কৰে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে৷ সন্ধিয়া গাঁওবাসীয়ে এক শোভাযাত্ৰাৰে শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুক সভাগৃহলৈ আনায়নৰ পিছতে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ সদস্য তথা ৰাজ্যিক পৰিবেশ প্ৰভাৱ মূল্যায়ন কৰ্তৃপক্ষৰ সদস্য অৰূপ বৰপূজাৰীয়ে জগন্নাথ মন্দিৰৰ দ্বাৰ উন্মোচন কৰে৷ দ্বাৰ উন্মোচন কৰি সচিব বৰপূজাৰীয়ে ভাষণ প্ৰসংগত কয়- “সভা মহোৎসৱসমূহ সনাতন সংস্কৃতিৰ এক অন্যতম ধাৰা আৰু এই সভা মহোৎসৱসমূহ মন্দিৰ, নামঘৰকেন্দ্ৰিক৷ হোমযজ্ঞৰে অনুষ্ঠিত কৰা সভা মহোৎসৱসমূহৰ উদ্দেশ্য হ’ল গাঁওবাসী আৰু দাঁতিকাষৰীয়া অঞ্চলক মহামাৰী, অৰাজকতা আদিৰ পৰা বচাই ৰখাৰ বাবে সমূহ গঞাই মিলিত হৈ সভা অনুষ্ঠিত কৰি হোমযজ্ঞৰে জগন্নাথ মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা জনোৱা৷ ইয়াৰ উপৰি কৃষিকৰ্ম শেষ কৰাৰ পিছত গাঁৱৰ সমূহ ৰাইজ সভা মহোৎসৱসমূহৰ জৰিয়তে এবাৰ মিলিত হোৱাৰ সুযোগ লাভ কৰে”৷ আজি পুৱাৰে পৰা অনুষ্ঠিত হোৱা হোমযজ্ঞত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে হোমৰ সময়ত সম্পূৰ্ণ অসমীয়া সাজপাৰ পিন্ধি ফুলাম গামোচা লৈ পুৰোহিতৰ মন্ত্ৰধ্বনিৰ মাজত পুষ্পাঞ্জলি লোৱাত মতলীয়া হৈ পৰা দৃশ্যই সভা মহোৎসৱস্থলী আকৰ্ষণীয় কৰি তোলে৷ সভা মহোৎসৱৰ বিগত দিন দুটিত গোৱৰাদল মিলন ঢুলীয়া দলৰ ঢুলীয়া প্ৰদৰ্শন আৰু ঢুলীয়া চাৰ্কাছে উপস্থিত ৰাইজক আমোদ দিয়াৰ সমান্তৰালকৈ ৰূপজ্যোতি নাট্য সমাজ, ৰূপদিগাই কৰা নাট প্ৰদৰ্শনে দৰ্শক ৰাইজক মুগ্ধ কৰে৷ লগতে দহকাউনীয়াৰ পাঠক ডলী ৰাজবংশী, ৰঙিয়াৰ শ্ৰীশ্ৰী বংশী গোপাল মহিলা নাগাৰা নাম দলৰ পাঠক নমিতা কলিতা আৰু দৰঙৰ মিলিজুলি ছোৱালী নাগাৰা নাম দলৰ পাঠক অনিতা তালুকদাৰে নাগাৰা নাম পৰিৱেশন কৰি উপস্থিত ৰাইজক ভক্তিৰসৰ সোৱাদ দিয়ে৷ কাইলৈ নিশা সাংস্কৃতিক সন্ধিয়াত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশে সংগীত পৰিৱেশন কৰাৰ পাছত সভা মহোৎসৱৰ সামৰণি পৰিব৷
প্ৰেৰক শৈলেন বৰ্মন