নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও মহকুমাৰ তুলসীবিল হাৰিভাংগাৰ সাহিদুৰ ইছলাম নামৰ এজন যুৱক এমাহ পূৰ্বে কামৰ বাবে ৰাজস্থান লৈ গৈছিল। এক মাহ কাম কৰাৰ পিছত ৰাজস্থানৰ পৰা ঘৰলৈ অহাৰ সময়ত নিৰুদ্দেশ হয় বুলি জানিব পৰা গৈছে। নিৰুদ্দেশ হোৱা সহিদুৰ ইছলামে এমাহ পূৰ্বে এজন সতীৰ্থৰ সৈতে কামৰ বাবে ৰাজস্থানলৈ গৈছিল ৪৪ বছৰীয়া যুবক সহিদুল ইছলাম। ওখা এক্সপ্ৰেছযোগে দুই বন্ধুই ৰাজস্থানৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত উত্তৰ প্ৰদেশৰ আগ্ৰা আৰু লক্ষ্ণৌৰ মাজত নাইকিয়া হয় সহিদুৰ ইছলাম। সহিদুৰ ইছলামৰ সতীৰ্থই গাড়ীখনত বিচাৰি পোৱা নাই বুলি উল্লেখ কৰে। ইপিনে সহিদুৰ ইছলাম নিৰুদ্দেশ হোৱাৰ বাতৰি ঘৰৰ পৰিয়ালৰ লোকে পোৱাত ভাতৃয়ে সহায় বিচাৰি ৰাইজলৈ কাতৰ আহ্বান জনায়। ক’ৰবাত দেখিলে সহিদুৰ ইছলামৰ ভাতৃয়ে যোগাযোগ নম্বৰ 78969-60201ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
প্ৰেৰক কৃষ্ণ বৰ্মন