নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ গ্রীনলেণ্ড আৰু এণ্টার্কটিকা হৈছে পৃথিৱীৰ বৰফৰ ভঁৰাল৷ কিন্তু ১৯৯০ দশকৰ তুলনাত এই গ্রীনলেণ্ড আৰু এণ্টার্কটিকাৰ বৰফ ৬ গুণ হ্রাস পাইছে৷ শেহতীয়াকৈ উপগ্রহ ছবিৰ তথ্যই পোহৰলৈ আনিছে এই শিহৰণকাৰী সত্য৷ বিজ্ঞানীসকলে উল্লেখ কৰা অনুসৰি গ্রীনলেণ্ড আৰু এণ্টার্কটিকাৰ বৰফীয় স্তৰ গলনৰ ফলত পৃথিৱী গ্রহলৈ নামি আহিছে বিষয়টো৷ ১৯৯২ৰ পৰা ২০১৭লৈ গ্রীনলেণ্ড আৰু এণ্টার্কটিকাত ৬.৪ লাখ কোটিটন বৰফ গলি নিঃশেষ হৈছে৷ এই বৰফ গলন মহাসাগৰৰ জলপৃষ্ঠৰ উচ্চতা ১৭.৮ মিটাৰলৈ বৃদ্ধি পাবলৈ যথেষ্ট বুলিও বিজ্ঞানীসকলে ঘোষণা কৰিছে৷ ব্রিটেইনৰ লীড্ছ বিশ্ববিদ্যালয়ৰ বিজ্ঞানী এন্দ্রিউ ছেফার্ডে উল্লেখ কৰিছে যে পৃথিৱীবাসীৰ বাবে এয়া শুভ সংবাদ নহয়৷ ৯০ৰ দশকটোৰ তুলনাত সমুদ্রৰ জলপৃষ্ঠৰ উচ্চতা তিনিগুণ বেছি বৃদ্ধি পাইছে এই বৰফীয় আস্বাদন গলনৰ ফলত৷ মহাসাগৰৰ জলপৃষ্ঠৰ উচ্চতা অভাৱনীয়ভাৱে বৃদ্ধি পোৱাৰ ফলত পৃথিৱীলৈ বিভিন্ন বিপর্যয় নামি অহা বুলিও বিজ্ঞানীগৰাকীয়ে ঘোষণা কৰিছে
You might also like