নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়াত ক’ৰোনাৰ দ্বাৰা আক্রান্ত সপত্নীক অভিনেতা টম হেংকছ

নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ অস্কাৰ বঁটা বিজয়ী অভিনেতা টম হেংকছ আৰু তেওঁৰ অভিনেত্রী পত্নী ৰীতা উইলছন ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছে৷ অষ্ট্রেলিয়াত হেংকছ আৰু পত্নী নতুন এই ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ অভিনেতাগৰাকীয়ে ছ’চিয়েল মিডিয়া ইনষ্টাগ্রামত নিজেই সদৰী কৰিছে এই তথ্য৷ কুইন্সলেণ্ডত দুয়োগৰাকী ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হোৱা বুলি অষ্ট্রেলিয়াৰ সংবাদ মাধ্যমে সদৰী কৰাৰ পিছতে বিষয়টোক লৈ বিশ্বজুৰি চর্চা চলিছে৷ আমেৰিকান এই অভিনেতা দম্পতীয়ে অষ্ট্রেলিয়াৰ গ’ল্ড কোষ্টত কেইবাদিনো ধৰি অতিবাহিত কৰিছে৷ এলভিছ প্রিছলীৰ জীৱনৰ ওপৰত নির্মাণ কৰিব লগা ছবি এখনৰ বাবে গ’ল্ড কোষ্টত বাহৰ পাতি আছে হেংকছ আৰু উইলছনে৷ স্মর্তব্য যে কালি বিশ্ব স্বাস্থ্য সংস্থাই আনুষ্ঠানিকভাৱে ক’ভিড–১৯এ বিশ্বজুৰি মহামাৰীৰ সৃষ্টি কৰিব বুলি ঘোষণা কৰিছে৷ এই ঘোষণাৰ পিছতেই বিভিন্ন দেশে ক’ভিড–১৯ৰ প্রতিৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছে৷ বর্তমানলৈ বিশ্বৰ বহু বিশিষ্ট ৰাজনীতিক, অভিনেতা তথা খেলুৱৈ ক’ৰোনাত আক্রান্ত হৈছে৷

You might also like