মুখ্যমন্ত্রী হোৱাৰ হাবিয়াস নাই ৰজনীকান্তৰ
নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ জনপ্রিয় অভিনেতা ৰজনীকান্তে আজি মন্তব্য কৰিছে যে তামিলনাডুৰ মুখ্যমন্ত্রী হ’বলৈ তেওঁ কোনো ধৰণে অনুপ্রাণিত নহয়৷ নিজৰ ভৱিষ্যতৰ ৰাজনৈতিক দলৰ বাবে বিভিন্ন আঁচনি থকা বুলি উল্লেখ কৰি এখন সংবাদ মেলত ৰজনীকান্তে উল্লেখ কৰে যে ভৱিষ্যতে তেওঁৰ নিজৰ ৰাজনৈতিক দলত দুজন নেতা শীর্ষ নেতৃত্বত থাকিব৷ চৰকাৰতো তেনেকৈ দুগৰাকী শীর্ষ নেতৃত্বত থকা উচিত বুলি মন্তব্য কৰিছে অভিনেতাগৰাকীয়ে৷ উল্লেখনীয় যে ৪৫ বছৰ বয়সৰ তলৰ যুৱ নেতাক শীর্ষ নেতৃত্ব তথা মুখ্যমন্ত্রীৰ পদত বিচাৰিব বুলি ৰজনীকান্তে ঘোষণা কৰিছে৷ যদি চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়, মুখ্যমন্ত্রীগৰাকীৰ দায়িত্ব যুৱ নেতাক দি বাকীসকল অৱসৰপ্রাপ্ত বিচাৰপতি, আইএএছ বা আইপিএছ বিষয়াক দিব বুলি ঘোষণা কৰে অভিনেতাগৰাকীয়ে৷