নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ সংঘর্ষত ইণ্ডোনেছিয়াৰ এনজিঅ’ৰ ধন

পিএফআইৰ সভাপতিসহ দুজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৩ মার্চঃ দেশৰ ৰাজধানী দিল্লীত সংঘটিত সংঘর্ষৰ ঘটনাত কুখ্যাত পাক সন্ত্রাসবাদী হাফিজ ছয়ীদৰ সৈতে সম্পর্ক থকা ইণ্ডোনেছিয়াৰ এটা এনজিঅ’ই পুঁজি যোগান ধৰিছিল৷ এচিটি নামৰ ইণ্ডোনেছিয়ান এনজিঅ’টোৱে দিল্লীৰ স্থানীয় সংগঠন এটাৰ জৰিয়তে সংঘর্ষত লিপ্ত লোকসকললৈ ২৫ লাখ টকা প্রেৰণৰ প্রচেষ্টা চলাইছিল বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ কট্টৰ ইছলামপন্থী এচিটিয়ে বিভিন্ন ইছলামিক ৰাষ্ট্রলৈ সাহায্য আগবঢ়াই আহিছে৷ এই এনজি’টো বাংলাদেশৰ কক্স বাজাৰৰ সংঘর্ষতো অৰিহণা যোগাইছিল বুলি দিল্লী আৰক্ষীয়ে লাভ কৰিছে তথ্য৷ স্মর্তব্য যে দিল্লী আৰক্ষীয়ে পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ সভাপতিসহ দুজন লোকক গ্রেপ্তাৰ কৰিছে৷ দিল্লীৰ সংঘর্ষত অৰিহণা যোগোৱাত বিশেষ ভূমিকা আছিল মহম্মদ ইলিয়াছ আৰু পাৰভেজ আহমেদ নামৰ লোক দুজনৰ৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাই পিএফআইৰ এই দুয়োজন নেতা তথা সদস্যক গ্রেপ্তাৰ কৰাৰ পিছতে বিষয়টোৱে নতুন মোৰ লাভ কৰিছে৷ স্মর্তব্য যে দিল্লীৰ সংঘর্ষৰ ঘটনাক লৈ আৰক্ষীয়ে সাত শতাধিক গোচৰ ৰুজু কৰাৰ উপৰি প্রায় ২৪০০ লোকক গ্রেপ্তাৰ তথা আটক কৰিছে৷ শেহতীয়াকৈ পিএফআই এই সংঘর্ষত জড়িত থকা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।

You might also like